আজিজ আলী
মুকালমুৱা : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ সমাজ কল্যাণ বিভাগত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। চৰাঞ্চলৰ শিশুক বঞ্চিত কৰি উত্তৰ পাৰলৈ স্থানান্তৰ এটা অংগণবাড়ী কেন্দ্ৰ। ষড়যন্ত্ৰৰে অংগণবাড়ী কেন্দ্ৰটো স্থানান্তৰ কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বৰক্ষেত্ৰী আঞ্চলিক আছু।

বৰক্ষেত্ৰীত সমাজ কল্যাণ বিভাগত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। সমাজ কল্যাণ বিভাগৰ বৰক্ষেত্ৰী শিশু সংহত উন্নয়ন প্ৰকল্পৰ অধীনত থকা এটা অংগণবাড়ী কেন্দ্ৰ ষড়যন্ত্ৰমূলকভাৱে পূৰ্বৰ স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰাৰ কাৰ্যত ক্ষুন্ন হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা।

বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ কুৰিহামাৰীৰ মাজিপাৰা গাঁৱৰ ১৭৭ নং অংগণবাড়ী কেন্দ্ৰটো মুকালমুৱাৰ সাপকাটালৈ স্থানান্তৰিত কৰা হৈছে। সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অংগণবাড়ী কৰ্মীৰ লগত গোপন বুজাবুজি কৰি এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বৰক্ষেত্ৰী আছুৱে। উল্লেখ্য যে চৰাঞ্চলৰ দৰে দুৰ্গম অঞ্চলৰ শিশু সকলক বঞ্চিত কৰি নিজৰ সুবিধাৰ্থে অংগণবাড়ী কেন্দ্ৰটো স্থানান্তৰ কৰাৰ অভিযোগ কৰিছে ৰাইজে।

ইফালে অংগণবাড়ী কেন্দ্ৰটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰলৈ স্থানান্তৰিত কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে বৰক্ষেত্ৰী আছুৰ বিষয়ববীয়া সকলে।ষড়যন্ত্ৰমূলকভাৱে কৰা এই সিদ্ধান্ত বাতিল কৰি অংগণবাড়ী কেন্দ্ৰটো পূৰ্বৰ স্থানতে বাহাল ৰাখিবলৈ বৰক্ষেত্ৰী শিশু সংহত উন্নয়ন প্ৰকল্প বিষয়াক দাবী জনায় এখন স্মাৰক পত্ৰ প্ৰদান কৰে বৰক্ষেত্ৰী আঞ্চলিক ছাত্র সন্থাই। এই সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ আছুৰ।