মুকালমুৱা : মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন চাইকেল আৰোহী। আহত আন এজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি। ট্ৰাকখনক মুকালমুৱা আৰক্ষীয়ে জব্দ কৰিছে।

সোমবাৰে নিশা নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হাজো-দৌলাশাল পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুর্ঘটনাত এজন লোক থিতাতে নিহত যোৱাৰ লগতে আহত হয় আন এজন লোক।

দুজন যুৱকে এখন চাইকেলেৰে আহি থকা অৱস্থাত এখন তীব্ৰ বেগী ট্ৰাকে চাইকেলখনত খুন্দা মৰাত এজন থিতাতে নিহত হোৱাৰ লগতে আনজন গুৰুত্বৰভাৱে আহত হয়। আহত যুৱকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰে।

ট্ৰাকৰ খুন্দাত থিতাতে নিহত হোৱা যুৱকজনৰ নাম সন্তোষ বড়ো বুলি জানিব পৰা গৈছে। আনহাতে চিকিৎসাধীন হৈ থকা আহত যুৱকজনৰ নাম পংকজ স্বৰ্গীয়ৰী। দুয়োৰে ঘৰ বৰ্ণিবাৰীত বুলি জানিব পৰা গৈছে। ট্ৰাকখন বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল।