গুৱাহাটী, সংবাদ ৩৬৫, ১৭ নৱেম্বৰ : দেওবাৰে পুৱাই বনাঞ্চলৰ পৰা জনবসতিপূৰ্ণ অঞ্চললৈ পোৱালিৰে সৈতে এটা হাতী ওলাই আহি পানী থোৱা এটা টেংকিত পৰি যায়। জে চি বিৰ সহায়ত বন বিভাগে আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ সহযোগত হাতীটোক উদ্ধাৰ কৰে।

উল্লেখ কৰিব পাৰি যে যদি সময়মতে হাতীটোক উদ্ধাৰৰ ব্যৱস্থা কৰা নগ’লহেঁতেন তেতিয়াহ’লে জাকৰ পৰা হাতী আহি অচিৰেই সৃষ্টি হ’লহেঁতেন হাতী মানুহৰ সংঘাত।

পোৱালিসহ হাতীটোক উদ্ধাৰ কৰে বন আৰু পৰিবেশ বিভাগৰ বিষয়া-কৰ্মচাৰী, ভাৰতীয় সেনা বাহিনীৰ জ্যেষ্ঠ বিষয়া কৰ্মী, অসম আৰক্ষী বিষয়া তথা কৰ্মী ।

হাতী আৰু মানুহৰ সংঘাত এতিয়া আৰু নতুন বিষয় নহয়। যেতিয়াৰে পৰা মানুহে জীৱ-জন্তু থকা ঠাইসমূহতো হাবি কাটি ঘৰ, উদ্যোগ , ৰাস্তা বনাবলৈ ল’লে তেতিয়াৰে পৰা বনাঞ্চলৰ পৰা বন্যপ্ৰাণীসমূহ খাদ্যৰ বাবেই হওক বা আন কাৰণৰ বাবেই হওঁক জনবসতি পূৰ্ণ অঞ্চলসমূহলৈ অহা পৰিলক্ষিত হৈছে। এক কথাত কবলৈ গ’লে হাতী মানুহৰ সংঘাত তথা নাহৰফুটুকীৰ মানুহৰ ঘৰত বা ৰাজপথত অবাধ বিচৰণৰ কাৰণ মানুহেই।

সম্প্ৰতি হাতী আৰু মানুহৰ মাজত হোৱা সংঘাতক ৰোধ কৰিবলৈ বন বিভাগে বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা দেখিবলৈ পোৱা হৈছে।