নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ নৱেম্বৰ : কিছুদিন পূৰ্বে গোৱালপাৰাত সন্ত্ৰাস চলোৱা লাডেন নামৰ বনৰীয়া হাতীটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছিল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই।

হাতীটোক বশ কৰাৰ পাছতে গোৱালপাৰাৰ ৰংজুলিৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হৈছিল। ওৰাঙৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণৰ বাবে থোৱা হৈছিল হাতীটোক।

স্বাভাৱিকভাৱেই আহাৰ আদি গ্ৰহণ কৰি থকা লাডেন ওৰফে কৃষ্ণৰ হঠাতেই পুৱতি নিশা মৃত্যু হয় ।

উল্লেখযোগ্য যে দেহৰ কেইবা ঠাইতো আঘাত থকা কৃষ্ণ ওৰফে লাডেনক ওৰাঙত চিকিৎসা চলাই থকা হৈছিল।