যমুনামুখ : সাংসদ বদৰুদ্দিন আজমলে পৰিদৰ্শন কৰিলে যমুনামুখৰ বান পৰিস্থিতি। নাৱত উঠি পাঁচ ঘণ্টা ধৰি যমুনামুখৰ কেইবাটাও বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিলে ধুবুৰীৰ সাংসদ গৰাকীয়ে। বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰীও বিতৰণ কৰে বদৰুদ্দিন আজমলে।

ৰাজ্যৰ চৌদিশে এতিয়া বানপানী। ৰাজ্যৰ ২৭ খনকৈ জিলা জলমগ্ন। ঘৰৰ মুদচ লৈকে পানী, বানপানীয়ে গঞা ৰাইজক বিধ্বস্ত কৰি পেলাইছে। ৰাজ্যৰ বন প্ৰভাৱিত ২৭ খন জিলাৰ ভিতৰত এটা হৈছে হোজাই জিলা। হোজাইৰ বিভিন্ন প্ৰান্তৰ লগতে যমুনামুখ বানপানীৰে প্লাৱিত হৈ পৰিছে। যমুনামুখত কেইবাদিন ধৰি জনসাধাৰণ বানী পানীৰ তলত।

বহু লোকে পৰিয়ালসহ ৰাস্তাৰ কাষত আশ্ৰয় লবলৈ বাধ্য হৈছে। যমুনামুখবাসী ৰাইজৰ এই বিপদৰ সময়ৰ যমুনামুখবাসী ৰাইজৰ কাষত আহি উপস্থিত হৈছে এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল। বৃহস্পতিবাৰে যমুনামুখৰ কেবাটাও বান বিধ্বস্ত অঞ্চলত পাঁচ ঘন্টা নাৱেৰে পৰিদৰ্শন কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে।

ভেদৌ আটি, চাৰ্লক জিপিৰ লগতে বিন্ধাকান্দি জংগলব্লক লৈ নাৱেৰে যাত্ৰা কৰি ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। উত্তৰ-পূবৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মাৰিফক ধুবুৰীৰ সাংসদ গৰাকীয়ে বানাক্ৰান্ত ৰাইজক খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

বদৰুদ্দিন আজমলৰ নিৰ্দেশত দুই সংস্থা ক্ৰমে আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মাৰিফে নাৱেৰে খাদ্য সামগ্ৰী লৈ বান বিধ্বস্ত অঞ্চল সমুহলৈ গৈ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। সাংসদ গৰাকীয়ে কয় “আমি প্ৰথমে মানুহ তাৰ পাছত ৰাজনৈতিক নেতা। যমুনামুখ সমষ্টিৰ লগত আমাৰ আবেগ জড়িত হৈ আছে, যমুনামুখৰ ৰাইজে আমাক কি দিয়া নাই। যমুনামুখৰ ৰাইজে আমাক সন্মান দিছে, বিধায়ক সাংসদ বনাইছে”।