লামডিং : লামডিংৰ বিজেপি বিধায়ক শিবু মিশ্ৰ চৰ্চাত। লামডিংৰ বিজেপি বিধায়ক শিবু মিশ্ৰই সাংবাদিকৰ পিঠিত উঠি বান পৰিদৰ্শন কৰি চৰ্চাত। বানৰ পানীত খোজকাঢ়ি যোৱাৰ পৰিবৰ্তে সাংবাদিকৰ পিঠিত উঠি কাষতে থকা নাওলৈ যায় লামডিংৰ বিধায়ক শিবু মিশ্ৰ।

ৰাজ্যৰ ৬ লাখতকৈও অধিক লোক ককবকাইছে বানৰ পানীত। ২৭ খনকৈ জিলা বুৰাই পেলাইছে বাঢ়নী পানীয়ে। বানপানীৰ সংহাৰী ৰূপ দেখি যি সময়ত ৰাজ্যজুৰি এক হাহাকাৰ পৰিস্থিতি সেই সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’। লামডিংৰ বিজেপি বিধায়ক শিবু মিশ্ৰৰ ভিডিঅ’ ভাইৰেল হৈছে।

বুধবাৰে লামডিংৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ লামডিংৰ বিধায়ক শিবু মিশ্ৰ উঠিল সাংবাদিকৰ পিঠিত। এই ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত। ইয়াৰ পিছতে বিধায়ক শিবু মিশ্ৰক তীব্ৰ সমালোচনা কৰে সকলোৱে। এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শিবু মিশ্ৰই কয় “অলপ জ্বৰ থকাৰ বাবে পানীত নমা নাই।”

উল্লেখ্য যে হোজাই আৰু কাছৰ জিলাত বানপানীয়ে অধিক সংহাৰী ৰূপ ধাৰণ কৰিছে। এই দুয়োখন জিলাতে ১ লাখতকৈও অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ইফালে নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনে বিধ্বস্ত কৰিছে ডিমা হাচাও জিলা। বৰ্তমানলৈকে ৰাজ্যত বানপানীৰ ফলত ৯ জনকৈ লোকৰ মৃত্যু হৈছে।