বৰহাট, ২৮ জুলাইঃ চৰাইদেউৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত টিটলাগড় নগাকটা-বলমিত তিনিগৰাকী কিশোৰীক চাকৰিৰ ভুৱা প্ৰলোভনেৰে দিল্লীত বিক্ৰী কৰিবলৈ নিয়াৰ চেষ্টা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, দিল্লীৰ যুৱক ৰাহুল শৰ্মাই নগাকটা-বলমিৰ নিবাসী প্ৰফুল্ল দণ্ডাচীৰ পুত্ৰ চবিন দণ্ডাচীৰ ঘৰত যোৱা ২৪ জুলাইৰ পৰা বাহৰ পাতি আছিল৷ ৰাহুলে চবিনৰ ভগ্নী অনিতাৰ সহযোগত গাঁৱৰে তিনিগৰাকী কিশোৰীৰ দুগৰাকীক চাকৰি দিয়াৰ ভুৱা প্ৰলোভনেৰে দিল্লীত বিক্ৰী কৰিবলৈ নিয়াৰ চেষ্টা কৰোতেই স্থানীয় লোকে ৰাহুলক আটক কৰে৷ স্থানীয় লোকে লম্পট যুৱকজনক উত্তম মধ্যম সোধাই বৰহাট আৰক্ষী থানাত চমজাই দিয়ে৷ দিল্লীত বিক্ৰী কৰিবলৈ নিয়াৰ সময়তে ধৃত যুৱকজন পৰা উদ্ধাৰ কৰা কিশোৰী দুগৰাকী ক্ৰমে অনু মুৰ্ম্মু (১৪) আৰু তিৰিষ্কা তিৰ্কী (১৩)৷