ফজলুৰ ৰহমান

সোণতলী

২৬ জুলাই

দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষী চকী অন্তৰ্গত টাংগনমাৰী গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। ডেগাৰেৰে হানি-খুচি এজন লোকক হত্যা। সাধাৰণ কাজিয়াক কেন্দ্ৰ কৰি ছামছুল হক নামৰ লোক জনক নিৰ্মমভাৱে হত্যা। ঘটনাৰ লগত জড়িত পাঁচ জনকৈ লোকক আটক আৰক্ষীৰ।

সাধাৰণ কাজিয়াক কেন্দ্ৰ কৰি দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলী আৰক্ষী চকী অন্তৰ্গত টাংগনমাৰী গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।ছামছুল হক নামৰ এজন লোকক ছোৰহাব আলী নামৰ এজন লোকৰ ফৈদে ডেগাৰেৰে হানি হত্যা কৰাৰ লগতে ছামছুল হকৰ খুড়া আমিন মেহেৰ আলীকো আক্ৰমণ কৰি হত্যাৰ অপচেষ্টা চলাই। ছোৰহাব আলীৰ ফৈদে ডেগাৰেৰে আমিন মেহেৰ আলীক আক্ৰমণ কৰাত স্থানীয় কিছুমান লোকৰ তৎপৰতাত আমিন মেহেৰ আলী প্ৰাণ ৰক্ষা পৰে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত সোণতলী আৰক্ষীৰ উপস্থিতিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে আৰু ডেগাৰৰ আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আমিন মেহেৰ আলীক আৰক্ষীয়ে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ লগত জড়িত তিনি গৰাকী মহিলাসহ মুঠ পাঁচ জন লোকক আটক কৰে। আৰক্ষীয়ে আটক কৰা লোক কেইজন হৈছে ক্ৰমে ৰবিয়ল হুছাইন, নবিৰন নেছা, আজিজুল হক, ছাইৰন নেছা আৰু নুৰজাহান বেগম।

হত্যাকাণ্ডৰ লগত জড়িত থকা ছিৰাজুল হক নামৰ আন এজন যুৱক বৰ্তমান পলাতক অৱস্থাত আছে। সোণতলী আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে আটকাধীন লোক কেইজনক মাৰাথন জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। ডেগাৰেৰে আক্ৰমণ কৰি এজন লোকক হত্যা কৰা ঘটনাকলৈ সমগ্ৰ সোণতলী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।