গুৱাহাটী : গুৱাহাটী ৰে’ল ষ্টেশ্যনত পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ কানি। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা পশ্চিম বংগৰ হাওড়ালৈ নি থকা অৱস্থাত গুৱাহাটী ৰে’ল ষ্টেশ্যনত জব্দ হয় ১০ কোটি টকাৰ মূল্যৰ বৃহৎ পৰিমাণৰ কানি। এই বৃহৎ পৰিমাণৰ কানিখিনিৰ লগতে দুগৰাকী মহিলাসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে গুৱাহাটী ৰে’ল আৰক্ষীয়ে। চলিত মাহত এইটো গুৱাহাটী ৰে’ল আৰক্ষীৰ দ্বিতীয়টো সাফল্য।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও এতিয়া অসমৰ ভূমি বহিঃৰাজ্যলৈ ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈ আছে। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ ধাৰাবাহিক সাফল্যই ড্ৰাগছ সৰবৰাহকাৰী সকলক ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰিবলৈ বাধ্য কৰিছে। এতিয়া স্থল পথৰ সলনি ৰে’লপথ ব্যৱহাৰ কৰিবলৈ ধৰিছে ড্ৰাগছ সৰবৰাহকাৰী সকলে।

বৃহস্পতিবাৰে পুৱা গুৱাহাটী ৰে’ল আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ১০.১১ কেজি কানিসহ দুগৰাকী মহিলা আৰু দুজন পুৰুষক গ্ৰেপ্তাৰ কৰে।গুৱাহাটী ৰে’ল আৰক্ষীয়ে ২০৫০৩ নম্বৰৰ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ বি-৪ আৰু বি-৯ নম্বৰৰ ডবাত তালাচী এই বৃহৎ পৰিমাণৰ কানিখিনি জব্দ কৰে। কানিখিনিৰ লগতে গুৱাহাটী ৰে’ল আৰক্ষীয়ে বিহাৰৰ দুগৰাকী মহিলাসহ মুঠ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

ধৃত চাৰি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে সুজিত কুমাৰ, নিতেশ কুমাৰ, নইনা দেৱী আৰু দুৰ্গা দেৱী। কানিখিনি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা পশ্চিম বংগৰ হাওড়ালৈ নিয়াৰ পৰিকল্পনা আছিল। জব্দকৃত কানিখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে কিছুদিন পূৰ্বেও গুৱাহাটী ৰে’ল আৰক্ষীয়ে চাৰি কোটি টকা মূল্যৰ কানিসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল।