আজিজ আলী
নলবাৰী : ধমধমাত পাগলাদিয়াৰ মথাউৰি ছিঙাৰ উপক্ৰম। ধমধমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ অন্তৰ্গত জাৰতালুকত পাগলাদিয়া নদীৰ মথাউৰিটোলৈ প্ৰচণ্ড ভাবুকিৰ সৃষ্টি হৈছে। পাঁচ কোটি টকাৰে নিৰ্মাণ কৰা মাথাউৰি খহনীয়াৰ কবলত পৰিছে।

নেৰানেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে ৰাজ্যৰ কেইবাখনো জিলা। এফালে গুৱাহাটী মহানগৰবাসী কৃত্ৰিম বানত ককবকাই আছে আৰু আনফালে ফেনেফুটুকাৰে বৃদ্ধি পোৱা নৈ-উপনৈৰ জলপৃষ্ঠই বুৰাই পেলাইছে ন ন অঞ্চল।

পাগলাদিয়াৰ নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ধমধমাত মথাউৰি ছিঙাৰ উপক্ৰম হৈছে। বাক্সা জিলাৰ জাৰতালুকত জলসম্পদ বিভাগে পাঁচ কোটি টকাৰে নিৰ্মাণ কৰা মথাউৰিটো বিভাগটোৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

বিভাগটোৱে নৱনিৰ্মিত মথাউৰিটোৰ সুৰক্ষাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই খহনীয়াই সম্প্ৰতি মাথাউৰিটোলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে বুলিও কয় ৰাইজে। জলসম্পদ বিভাগে মথাউৰিটো ৰোধৰ বাবে জিঅʼ বেগ আৰু পাৰ্কুপাইনৰ ব্যৱস্থা কৰিছে যদিও খহনীয়াৰ পৰা মথাউৰিটো ৰোধ কৰাটো অত্যন্ত কঠিন হৈ পৰিছে।

মথাউৰিটো খহনীয়াই ছিঙি পেলালে জাৰতালুকৰ লগতে গোৱালবিল, ভেৰভেৰী, গড়ভিতৰ, উত্তৰ বৰশিৰাল, নিজ বৰশিৰাল আদিকে ধৰি অঞ্চলটোৰ বহুকেইখন গাঁও বানৰ কবলত পৰিব। পাগলদিয়া নদীৰ ভয়ংকৰ ৰূপ দেখি আতংকিত হৈ পৰিছে নৈপৰিয়া ৰাইজ। খহনীয়াৰ তাণ্ডৱ দেখিও শংকিত হৈ পৰিছে অঞ্চলটোৰ গাঁওসমূহ ৰাইজ।