জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথত বনৰীয়া হাতীৰ তাণ্ডৱ। বনৰীয়া হাতীৰ জাকে ঘৰ-দুৱাৰ ভাঙিলে তিনিটাকৈ দৰিদ্ৰ পৰিয়ালৰ। বনৰীয়া হাতীৰ জাকটোৱে ভৰাঁলৰ ধান খাই তহিলং কৰাৰ লগয়ে বিনষ্ট কৰিলে খেতি পথাৰ। বিশ্বনাথৰ বুঢ়ীগাং পঞ্চায়তৰ অন্তৰ্গত মাজুলী গাঁৱত বৃহস্পতিবাৰে পুৱতি নিশা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলায়। পুৱতি নিশা গাঁওখনত এটা বনৰীয়া হাতীৰ বৃহৎ জাকে প্ৰৱেশ কৰি কেইবাটাও ঘৰ ভঙাৰ লগতে অনিষ্ট কৰে খেতি পথাৰ আৰু ঘৰৰ সা-সামগ্ৰী।

উল্লেখ্য যে বিশ্বনাথৰ বুঢ়ীগাং পঞ্চায়তৰ অন্তৰ্গত মৰল গাঁও, উত্তৰ মৰল গাঁও, জাপৰিগুৰী, মাজুলীৰ লগতে আৰু কেইবাখনো গাঁৱত বনৰীয়া হাতীৰ বৃহৎ জাক এটাই কিছুদিন ধৰি উপদ্ৰৱ চলাই আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত এই বনৰীয়া হাতীৰ জাকটো নিশাৰ ভাগত ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ঘৰ-দুবাৰ ভঙাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে খেতি বিনষ্ট কৰি আহিছে। বনৰীয়া হাতীৰ জাকটোৰ উপদ্ৰৱত গাঁও কেইখনৰ ৰাইজে উজাগৰী নিশা কটাবলগীয়া হৈছে।

বৃহস্পতিবাৰে পুৱতি নিশাও একেদৰে বনৰীয়া হাতীৰ প্ৰকাণ্ড জাকটো বুঢ়ীগাং পঞ্চায়তৰ অন্তৰ্গত মাজুলী গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। শুই থকা অৱস্থাত ৰুণু নাথ, মাইনা দাস আৰু অমূল্য দাসৰ ঘৰ-দুৱাৰ ভাঙিবলৈ আৰম্ভ কৰে বনৰীয়া হাতীৰ জাকটোৱে। কেৱল ঘৰ-দুৱাৰ ভঙাই নহয়, সমগ্ৰ বছৰ এই দৰিদ্ৰ কৃষক সকলে মূৰৰ ঘাম মাটিত পেলাই ভৰাঁলত জমা কৰি ৰখা ধান খাই তহিলং কৰি যায় বনৰীয়া হাতীৰ বৃহৎ জাকটোৱে। বনৰীয়া হাতীৰ জাকেটোৰ উপদ্ৰৱৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে লোক কেইজনৰ।

এতিয়া প্ৰশ্ন হ’ল উক্ত অঞ্চল সমূহত ধাৰবাহিকভাৱে বনৰীয়া হাতীৰ জাকৰ উপদ্ৰৱ অব্যাহত আছে যদিও ইয়াৰ পৰা অঞ্চল সমূহৰ ৰাইজক ৰক্ষা কৰাৰ ক্ষেত্ৰত বন বিভাগৰ ফলৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে! বনৰীয়া হাতীৰ জাকে স্থানীয় দৰিদ্ৰ কৃষক সকলৰ ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে ভৰাঁলৰ ধান খাই তহিলং কৰাত দৰিদ্ৰ লোক সকলৰ পাঁনীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত ক্ষতিগ্ৰস্ত হোৱা উক্ত অঞ্চল সমূহৰ ৰাইজে ক্ষতিপূৰণৰ দাবী জনাইছে বন বিভাগ তথা চৰকাৰক।