গুৱাহাটী : অসমৰ গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্যেৰে অসমত এইকেইদিন বিনামূলীয়াকৈ ভ্ৰাম্যমাণ চিকিৎসা বাছ শিবিৰৰ (Health Camp) আয়োজন কৰা হৈছে। বিভিন্ন স্থানত এতিয়ালৈকে আয়োজিত প্ৰায় ১৫ টা শিবিৰত ২০০০ ৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। এই শিবিৰসমূহৰ আয়োজন কৰিছে বিডিজি ৰমেশ গয়েল সেৱা সংস্থাৰ লোটাছ টিএমটি বাৰ মেডিকেল বাছ চাৰ্ভিছে।

বিডিজি মেটাল এণ্ড পাৱাৰ লিমিটেডৰ অধ্যক্ষ তথা সেৱা সংস্থাৰ মুখ্য ট্ৰাষ্টী ৰমেশ গয়েলৰ নেতৃত্বত লোটাছ টিএমটি বাৰ মেডিকেল চাৰ্ভিছে ২২ ফেব্ৰুৱাৰীত কঠিয়াতলীত, ২৩ ফেব্ৰুৱাৰীত ডবকাত, ২৪ ফেব্ৰুৱাৰীত বকলিয়াত, ২৬ ফেব্ৰুৱাৰীত হোজাইত আৰু ২৭ ফেব্ৰুৱাৰীত লংকা বিনামূলীয়া মোবাইল চিকিৎসা বাছ সেৱা শিবিৰৰ আয়োজন কৰা হ’ব। চিকিৎসা বাছ শিবিৰৰ ভাৰপ্ৰাপ্ত সঞ্জয় গুপ্তাই কয় যে সংশ্লিষ্ট তাৰিখত উক্ত স্থানৰ আৰ্তজন লোকে চকুৰ পৰীক্ষা আৰু চিকিৎসা, দন্ত পৰীক্ষা আৰু চিকিৎসা, ই এন টি পৰীক্ষা আৰু চিকিৎসা, পেথ’লজিকেল লেবৰেটৰীৰ সুবিধা, জেনেৰেলৰ বাবে শিবিৰত উপস্থিত হয় অ’পিডি, ইচিজি আৰু এক্স-ৰেৰ সুবিধা।

এই ভ্ৰাম্যমাণ চিকিৎসা বাছৰ জৰিয়তে বিনামূলীয়াকৈ সুবিধা লাভ কৰিব পাৰিব। আনন্দ লোক চিকিৎসালয়ৰ সহযোগত শিবিৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হৈছে। তেওঁ এই অঞ্চলসমূহত বসবাস কৰা লোকসকলক সৰ্বাধিক সংখ্যক উপস্থিত থাকি বিনামূলীয়া শিবিৰৰ সুবিধা ল’বলৈ আহ্বান জনাইছে।