সৰভোগ, ১৫ জুনঃ বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত নুনতোলা জামাই চৰৰ পৰা আৰক্ষীয়ে এজন সন্দেহযুক্ত বাংলাদেশীক আটক কৰে। প্ৰাপ্ত তথ্য অনুসৰি, আটকাধীন সন্দেহযুক্ত বাংলাদেশীজন দিদাৰ মণ্ডলৰ পুত্ৰ জচিম মণ্ডল (৩৫)। জচিম মণ্ডল বাংলাদেশৰ জেনাইদহ জিলাৰ কাৰপাৰা গাঁৱৰ বাসিন্দা৷ তেওঁ কেইদিনমান পূৰ্বে  কাৰপাৰা গাঁৱৰ পৰা আহি নুনতোলাৰ জামাই চৰত বসতি স্থাপন কৰিছিল। আৰক্ষীয়ে বৰ্তমান জচিম মণ্ডলৰ মাৰাথান জেৰা চলাইছে।