গুৱাহাটী : এজন বাংলাদেশী যুৱক আটক। মহানগৰী গুৱাহাটীত আটক হৈছে এজন বাংলাদেশী যুৱক। বাংলাদেশী যুৱকজনৰ কবলৰ পৰা উদ্ধাৰ বাংলাদেশী টকা আৰু বাংলাদেশৰ পৰিচয় পত্ৰ।

বৃহস্পতিবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীত এজন বাংলাদেশী যুৱকক আটক কৰা হয়। নিশা জাপৰিগোগত একাংশ স্থানীয় ৰাইজে আটক কৰে বাংলাদেশী যুৱকজনক।

জাপৰিগোগত নিশা ঘূৰি থকা অৱস্থাত বাংলাদেশী যুৱকজনক প্ৰত্যক্ষ কৰি একাংশ লোকৰ সন্দেহ হয়। ৰাইজে বাংলাদেশী যুৱকজনক জেৰা চলাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়।

আৰক্ষীয়ে যুৱকজনৰ কবলৰ পৰা বাংলাদেশী টকা আৰু বাংলাদেশৰ পৰিচয় পত্ৰ উদ্ধাৰ কৰে। ধৃত বাংলাদেশী যুৱকজনক নাম মহম্মদ ছোহেল ৰাণা বুলি জানিব পৰা গৈছে। দুদিন পূৰ্বে গুৱাহাটীলৈ আহিছিল যুৱকজন।

বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা যুৱকজন অহা বুলি জানিব পৰা গৈছে। যুৱকজন কেনেকৈ অসমত প্ৰৱেশ কৰিলে এই সম্পৰ্কে জানিব পৰা হোৱা নাই। সম্প্ৰতি যুৱকজনক দিছপুৰ থানাৰ ৰখা হৈছে।