গুৱাহাটী : নগাওঁ আৰক্ষীয়ে প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক গুলীওৱা ঘটনাই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাজ্যৰ বিভিন্ন দল-সংগঠনে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। বিৰোধী ৰাজনৈতিক দল সমূহে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি ৰাজ্যত জংঘলৰাজ চলি থকা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইবাৰ অসম আৰক্ষীৰ এনকাউণ্টাৰকলৈ সৰৱ হৈ উটিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়া।

অসম আৰক্ষীৰ এনকাউণ্টাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে যদি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ভুৱা সংঘৰ্ষত আৰু বহুতো নিৰীহ লোক নিহত হ’ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী গৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত আৰক্ষীয়ে বিভিন্ন সময়ত নিৰীহ লোক সকলক অপৰাধী সজাই হত্যা কৰি আহিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াই কয় যে ৰাজ্যৰ গৃহ বিভাগৰ অধীনত আৰক্ষীয়ে সংঘটিত কৰা এনকাউণ্টাৰ সমূহৰ ভিতৰত ৯৯ শতাংশ এনকাউণ্টাৰ ভুৱা। নগাঁৱত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ ওপৰত আৰক্ষীৰ গুলীচালনাৰ ঘটনাটোক স্বতঃপ্ৰণোদিতভাৱে কৰা বুলি উল্লেখ কৰিছে অসম মানৱ অধিকাৰ আয়োগে। আয়োগে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাক জাননী জাৰি কৰি সুধিছে যে ৰাজ্য চৰকাৰে ছাত্ৰ নেতা কীৰ্তি কমল বৰাক কিয় ক্ষতিপূৰণ দিয়া নাই?

অসম মানৱ অধিকাৰ আয়োগে ২৪ জানুৱাৰীত এক স্বতঃপ্ৰণোদিত নিৰ্দেশ জাৰি কৰি কৈছিল যে মানৱ অধিকাৰ উলংঘনৰ এয়া এক প্ৰাথমিক ঘটনা। অসম মানৱ অধিকাৰ আয়োগৰ সদস্য নৱ কমল বৰাই কয় যে কীৰ্তি কমল বৰাক অন্তৱৰ্তীকালীন সকাহ হিচাপে ১.৫ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধৰ দিয়াটো কিয় উচিত নহয় সেই বিষয়ে ব্যাখ্যা কৰিবলৈ অসমৰ মুখ্য সচিবক জাননী জাৰি কৰাটো প্ৰয়োজনীয় বিষয়।আয়োগে মুখ্য সচিবৰ উত্তৰ তথা বিষয়টোৰ শুনানিৰ পৰৱৰ্তী ২৮ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰিছে।

প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ ওপৰত নগাঁও আৰক্ষীৰ গুলীচালনা ঘটনাক বিৰোধী দল আৰু সামাজিক সংগঠনসমূহে আৰক্ষীৰ জংঘলৰাজৰ প্ৰভাৱ বুলি উল্লেখ্য কৰি অসমৰ বৰ্তমানৰ পৰিস্থিতিক ১৯৯০ দশকত চলা গুপ্তহত্যাৰ দৰে কাণ্ডতকৈও অধিক ভয়াবহ বুলি অভিহিত কৰিছে। ইফালে নগাঁও আৰক্ষীয়ে দাবী কৰিছে যে প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰা ড্ৰাগছ বিক্ৰীৰ লগত জড়িত হৈ আছিল আৰু কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ পিছতহে আৰক্ষীয়ে কীৰ্তি কমল বৰাৰ ভৰিত গুলীয়াইছিল।

আনহাতে সদৌ অসম ছাত্ৰ সন্থাই অভিযোগ নাকচ কৰি কৈছে যে এজন যুৱকক সুৰাপায়ী আৰক্ষীয়ে প্ৰহাৰ কৰাৰ প্ৰতিৰোধ কৰিছিল বাবেই প্ৰাক্তন ছাত্ৰ নেতাজনক আৰক্ষীয়ে গুলীয়াইছিল। ঘটনাটোৰ প্ৰতি ৰাজহুৱা সঁহাৰিৰ হেঁচাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ এজনীয়া আয়োগে নগাঁও আৰক্ষীৰ গুলীচালনাৰ ঘটনাটোৰ তদন্ত কৰিব বুলি ঘোষণা কৰিছে। অসম আৰক্ষীয়ে প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ গুলী চালনাৰ লগত জড়িত আৰক্ষী সকলক ৰিজাৰ্ভ ক্ল’জ কৰিছে। ঘটনাটোক লৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ এতিয়া ৰাইজৰ ৰোষত পৰিছে।