গৰ্গ জ্যোতি দাস

অভয়াপুৰী : নিশা অভয়াপুৰীত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত হয় ৬ টাকৈ পৰিয়ালৰ ঘৰ। ৰান্ধনী ঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত কথমপি ৰক্ষা পৰে বহু লোকৰ ঘৰ।

বৃহস্পতিবাৰে নিশাৰ ভাগত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিউ পিৰাধৰাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৬ টা পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আবুল হুছেইন নামৰ এজন লোকৰ ৰান্ধনী ঘৰৰ পৰা জুইৰ সূত্ৰপাত হয়।

জুইৰ সূত্ৰপাত হোৱাৰ লগে লাগে সমগ্ৰ অঞ্চলটো জুইৰ লেলিহান শিখা বিয়পি পৰে। ইয়াৰ পিছত স্থানীয় ৰাইজৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাত অঞ্চলটোৰ বহু লোকৰ ঘৰ জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে। এই বিধ্বংসী অগ্নিকাণ্ডত ৬ টাকৈ পৰিয়ালৰ প্ৰায় ২০ লাখ টকাৰ সম্পত্তি জাহ যায়। বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ৬ পৰিয়াল কেইটা গৃহহীন হৈ পৰিছে।