নাজিৰা, ১৮ জুলাইঃ নাজিৰা মহকুমাৰ বিভিন্ন স্থানত বানপানী শুকোৱাৰ পাছত বানপীড়িত অঞ্চলসমূহত দুৰ্গন্ধ আৰু কন্দৰ্য্যময় পৰিবেশ সৃষ্টি হৈছে। বানাক্ৰান্ত অঞ্চলসমূহত সৰ্বসাধাৰণ আক্ৰান্ত হ’ব পৰা বিভিন্ন ৰোগৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ কাৰণে এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়৷ নাজিৰা মহকুমা চিকিৎসা বিভাগৰ অধীনস্থ জোকতলি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই মাদুৰীৰ কাষৰীয়া বৰাখোৱা স্থিত মাদুৰী বাগিছা প্ৰাথমিক বিদ্যালয়ত জোকতলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত এই স্বাস্থ্য পৰীক্ষা শিবিৰতো অনুষ্ঠিত কৰা হয়৷ স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক মানস জ্যোতি দেউৰিৰ নেতৃত্বত যোৱা চিকিৎসকৰ দলে বৰাখোৱা বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰে। শিবিৰত জোকতলি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰা যোৱা চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মী উপস্থিত থাকি কলেৰা, গ্ৰহণী, হাইজ্ৰা আদিৰ বাবে চিকিৎসাৰ টেবলেট অ’আৰএছ বিতৰণ কৰে।