নাজিৰা, ১৮ জুলাইঃ নাজিৰাত বানপানীত কৰুণ মৃত্যুক সাৱতি লোৱা বিশ্ব প্ৰতিম মাৰাৰ পৰিয়াললৈ অসম চৰকাৰে চাৰি লাখ টকা আৰ্থিক সাহাৰ্য আগবঢ়াইছে৷ প্ৰাপ্ত তথ্য মতে, নাজিৰাৰ মাদুৰী জয়া বাগানৰ ৰাজেন মাৰাৰ পুত্ৰ বিশ্ব প্ৰতিম মাৰাৰে  নামডাং নৈত কৰুণ মৃত্যুক সাৱতি লয়৷ বিশ্বৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাবে অসম চৰকাৰে পৰিয়ালটোলৈ এই চাৰি লাখ টকাৰ সাহাৰ্য আগবঢ়ায় । নাজিৰাৰ ৰাজহ চক্ৰ বিষয়া অভিশিখা বৰুৱাই ভাৰতীয় জাতীয় গ্ৰাম্য মণ্ডলৰ সভাপতি দিগন্ত গগৈ আৰু গাঁওবুঢ়া দেৱেন বৰগোঁহাইৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰয়াত বিশ্ব প্ৰতিমৰ পিতৃ ৰাজেন মাৰাৰ হাতত চাৰি লাখ টকাৰ চেক প্ৰদান কৰে৷