গুৱাহাটী, ১৬ নৱেম্বৰ: দেশৰ এয়াৰ এম্বুলেন্স সেৱা প্রদানকাৰী প্রতিষ্ঠান দিল্লীৰ ফ্লেপছা এভিয়েশন প্রাইভেট লিমিটেডে আজি ইয়াৰ ব্ৰেণ্ড বুক এয়াৰ এম্বুলেন্সৰ জৰিয়তে গুৱাহাটীৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে এয়াৰ এম্বুলেন্সৰ এক অভিলাসী সেৱা। আজি গুৱাহাটীৰ নেফি হাউচ প্রেক্ষাগৃহত আয়ােজন কৰা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে অসমৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্য চৰকাৰৰ বিষয়াবৰ্গ, আমন্ত্ৰিত অতিথি, সংবাদ মাধ্যমৰ লোক আৰু ফ্লেপছা এভিয়েশ্যনৰ শীৰ্ষ বিষয়ববীয়াৰ উপস্থিতিত এই বুক এয়াৰ এম্বুলেন্স” প্রকল্প মুকলিৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বুক এয়াৰ এম্বুলেন্স হৈছে ফ্লেপছ এভিয়েশ্যনে আগবঢ়োৱা এক বিশেষ আৰু ব্যয়সাধ্য মেডিকেল সেৱা। উল্লেখ্য যে গুৱাহাটীত এই সেৱা আৰম্ভ হােৱাৰ পিছত ক্ৰমাৎ দেশৰ অন্যান্য মুখ্য চহৰসমূহতো এই সেৱাৰ সম্প্রসাৰণ ঘটােৱা হ’ব। উল্লেখযোগ্য যে, বীচ্চক্রাফট কিং এয়াৰ চি-৩০ বিমানখনক এয়াৰ এম্বুলেন্সলৈ ৰূপান্তৰ ঘটােৱা হৈছে আৰু ইয়াত সংযোজন ঘটােৱা হৈছে আটাইবোৰ জৰুৰীকালীন চিকিৎসা সেৱা সামগ্ৰী, আৰু তাৰ লগতে ইয়াত থাকিব ডিজিচিএ অনুজ্ঞাপত্ৰধাৰী এটা চিকিৎসকৰ দল, যিয়ে যাত্রাকালত ৰোগীক প্রদান কৰিব পাৰিব শ্রেষ্ঠতম চিকিৎসা সেৱা। ইয়াৰ উপৰিও এই সেৱাত নিয়োজিত বিমানসমূহ এয়াৰ এম্বুলেন্স হিচাপে ব্যৱহাৰ কৰিবৰ বাবে যি ডিজিচিএৰ যাৱতীয় মান পূৰ কৰিব লাগে সেইসকলোবোৰ দিশ পূৰ কৰিছে। তদুপৰি সমগ্র কার্যাৱলী তদাৰক তথা ব্যৱস্থাপনা কৰা হ’ব ইয়াৰ প’ৰ্টেল www.ajirambulance.com তথা সপ্তাহটােৰ প্ৰতিটাে মূহুৰ্ত্ততে সক্রিয় থকা এটাকল চেণ্টাৰৰ মাধ্যমেৰে,যিয়ে সংকটপূৰ্ণ মূহুৰ্ত্তত ৰােগীক সম্পূর্ণসাহায্য আগবঢ়াব। এই সেৱাৰ বাবে, গ্রাহকৰ সুবিধার্থে নির্দিষ্ট কৰা হৈছে ১৮০০২৭০২৭১২ নম্বৰৰ এটাট’লজী নম্বৰ। ফ্লেপছা এভিয়েশ্যনৰ প্রতিষ্ঠাপক তথা পৰিচালন সঞ্চালক কেপ্টেইন অমিত কুমাৰে কয়, কোম্পানীটােৱে এই সেৱাৰ লগে লগে সকলোৰে বাবে ব্যয়সাধ্য হােৱাকৈ এক সদস্যভিত্তিক প্রাগ্রেমৰাে সূচনা কৰা হৈছে, ইয়াৰ বাবে ইয়াৰ অংশীদাৰ, চৰকাৰী এজেন্সি আৰু কৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ জৰিয়তে ৰাজসাহায্যযুক্ত কৰি তোলাৰাে ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয় যে শেহতীয়াকৈ জৰুৰীকালীন চিকিৎসা সেৱাৰ ক্ষেত্ৰত ভাৰতীয় বিমান খণ্ডত বৃদ্ধি পোৱা ব্যাপক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সেৱাৰ সূচনা কৰা হৈছে।