আজিজ আলী
মুকালমুৱা : ফাদিল হ’ল বৰক্ষেত্ৰী উন্নয়ন খণ্ডত সংঘটিত হোৱা সীমাহীন দুৰ্নীতি। বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ সাত গৰাকীকৈ কৰ্মচাৰীক নিলম্বন। নিলম্বিত হোৱা এই সাত গৰাকী কৰ্মচাৰী মাজত আছে তিনি গৰাকী অভিযন্তা।

ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চলাই যোৱা যুঁজখনত ইতিমধ্যে বহু চৰকাৰী বিষয়া কৰ্মচাৰীৰ লগতে অসংখ্য মধ্যভোগী দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত কেইবাগৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

শেহতীয়াকৈ পোহৰলৈ আহিছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডত সংঘটিত হোৱা সীমাহীন দুৰ্নীতিৰ তথ্য। বৰক্ষেত্ৰী উন্নয়ন খণ্ডত দুৰ্নীতি সংঘটিত কৰা চৰকাৰী কৰ্মচাৰী সকলৰ বিৰুদ্ধে এইবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত বিক্ৰম কৈৰীয়ে এক নিৰ্দেশ যোগে বৰক্ষেত্ৰী উন্নয়ন খণ্ডত দুৰ্নীতি সংঘটিত কৰা কৰ্মচাৰী সকলক নিলম্বিত কৰিছে।

তিনি গৰাকী দুৰ্নীতিগ্ৰস্ত অভিযন্তা ক্ৰমে আমানুৰ ৰহমান, আব্দুল কৰিম আৰু আতিকুৰ ৰহমানক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত বিক্ৰম কৈৰীয়ে। কম্পিউটাৰ অপাৰেতৰ মতিউৰ ৰহমান আৰু সুৰজিৎ বৰ্মনকো তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে।

বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ পূৰ্বৰ গাননিক আৰু বৰ্তমানৰ নলবাৰী উন্নয়ন খণ্ডৰ গাননিক অমৰেন্দ্ৰ গোস্বামী তথা পূৰ্বৰ কালাৰচৰ আৰু কুৰিহামাৰী ভাংনামাৰি গাঁও পঞ্চায়ত সচিব হলধৰ হালৈকো চাকৰিৰ পৰা অব্যাহতিৰ নিৰ্দেশ জাৰি কৰা হৈছে। তিনি গৰাকী অভিযন্তা, দুগৰাকী কম্পিউটাৰ অপাৰেতৰ, এগৰাকী গাননিক আৰু এগৰাকী পঞ্চায়ত সচিবসহ মুঠ সাত গৰাকীক নিলম্বন কৰা হৈছে।