আব্দুল হক
নগৰবেৰা
৫ জুলাই

বানে মহটিয়াই থৈ গ’ল দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ বিস্তীৰ্ণ কৃষিভূমি। কৃষি প্ৰধান অঞ্চলটোত এতিয়া কৃষকৰ মাজত হাহাকাৰ। প্ৰলয়ংকাৰী বানে মাজৰচৰ, কালাইৰদিয়া, আলোপতি, নিচানৰচৰ, খোলাবান্ধা, কাৰাইখাইতি, পাঠীমাৰী আদি অঞ্চলৰ শ শ বিঘা কৃষিভূমি ধ্বংস কৰি থৈ যোৱাত এতিয়া হাহাকাৰ কৰিছে কৃষক পৰিয়াল সমুহে।

প্ৰলয়ংকাৰী বানৰ কবলত পৰা ৰাজ্যৰ জিলা সমূহৰ ভিতৰত অন্যতম ক্ষতিগ্ৰস্ত জিলা হৈছে বৰপেটা জিলা। বানপানীৰ কবলত পৰি দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ বিস্তীৰ্ণ কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাত কৃষক সকল মূৰে কপালে হাত দিছে। বিশেষকৈ মাজৰচৰ আৰু কালাইৰদিয়া অঞ্চলৰ একাংশ শিক্ষিত নিৱনুৱা যুৱকে চাকৰিৰ আশা ত্যাগ কৰি বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰা খেতি পথাৰ সম্পূৰ্ণৰূপে নিঃশেষ কৰি থৈ গ’ল প্ৰলয়ংকাৰী বানে। অঞ্চলটোত যুৱ খেতিয়ক সকলে কৰা বেগেনা, কেৰেলা, ভোল আৰু জিকাৰ পাচলি খেতি বানে সম্পূৰ্ণৰূপে ধুই নিয়াত এতিয়া হতাশাত ভুগিছে যুৱক সকল। হাজাৰ হাজাৰ টকা খৰচ কৰি পাচলি খেতি কৰা যুৱক সকলৰ শস্য বানে নিঃশেষ কৰাত মূৰে কপালে হাত দিছে শিক্ষিত যুৱ খেতিয়কে।

কেৱল পাচলি খেতিয়ে নহয়, অঞ্চলটোৰ বৃহৎ পৰিমাণৰ মৰাপাট খেতিৰ লগতে বিঘাই বিঘা ধান খেতিও বাঢ়নী পানীত ডুবি নষ্ট হোৱাত হাহাকাৰ কৰিছে কৃষক সকলে। বানপানীৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হোৱা
অঞ্চলটোৰ কৃষক সকলে চৰকাৰৰ পৰা উচিত ক্ষতিপূৰণৰ দাবী জনাইছে।