তিতাবৰ, ৫  অক্টোবৰঃ তিতাবৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। বিগত কেবাদিন ধৰি তিতাবৰৰ ৰঙাজান চাহ বাগিচা, ধলি চাহ বাগিচা, খৰিকটীয়া চাহ বাগিচাকে ধৰি কেবাটাও অঞ্চলত বনহস্তীয়ে সন্ত্ৰাস চলাই আহিছে। বিশেষকৈ নিশা বন্যহস্তীৰ সন্ত্ৰাসত স্থানীয় লোকে উজাগৰে নিশা কটাবলগীয়া হৈছে৷ প্ৰাপ্ত তথ্য মতে, যোৱা নিশা তিতাবৰৰ খৰিকটিয়া বাগান প্ৰাথমিক বিদ্যালয়ত সোমাই হাতীৰ জাকে বিদ্যালয়খন লণ্ডভণ্ড কৰে৷ জানিব পৰা মতে, হাতীৰ জাকটোৱে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ বাবে আনি থোৱা চাউল খাবলৈ আহিছিল। হাতীৰ জাকটোৱে দৰ্জা, খিৰিকী ভাঙি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰাৰ সময়তে স্থানীয় লোকে দেখি হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম হয়।