বৰপেটা, সংবাদ ৩৬৫, ৮ ডিচেম্বৰ : ২০-২৪ ডিচেম্বৰলৈ বৰপেটা জিলাৰ চেঙা শিক্ষা খণ্ডৰ অন্তৰ্গত বংগমূলীয় অসমীয়া মুছলিম অধ্যুষিত গাঁও হৰিপুৰত পালন কৰা হব ১৯১৯ চনত স্থাপিত ৭৪ (১) নং গোমাফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন । পাছদিনীয়াকৈ হব লগা এই অনুষ্ঠানৰ লাইখুঁটা শতাধিক ব্যক্তিৰ উপস্থিতত স্থাপন কৰা হয় । লাইখুঁটা স্থাপন কৰে স্থানীয় চেঙা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদে।

উক্ত অনুষ্ঠানত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আহাম্মদ হুছেইন খান আৰু বিশিষ্ট নাট্যকাৰ মতলেপ হুছেইন খানে অতিথি হিচাবে অংশগ্ৰহণ কৰে ।

সম্পাদক আশ্ৰাফুল হুছেইন আৰু মিডিয়া উপ সমিতিৰ সভাপতি অনুপম অনিৰুদ্ধ তালুকদাৰে সংবাদ মাধ্যমৰ আগত উক্ত অনুষ্ঠান সম্পৰ্কে কয় যে আমাৰ যিসকল পূৰ্বজে শতিকা পূৰ্বে এনে এখন অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয় ।

শতবৰ্ষ অনুষ্ঠানৰ লগতে স্মৃতি গ্ৰন্থ “খাগৰি কলম” উন্মোচনৰ লগতে বিভিন্ন আলোচনা চক্ৰ, খেল-ধেমালি, সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও গ্ৰন্থমেলা আৰু বাণিজ্য মেলা অনুষ্ঠিত কৰা হ’ব বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে সম্পাদক আৰু মিডিয়া উপ সমিতিৰ সভাপতি গৰাকীয়ে।