গুৱাহাটী, সংবাদ ৩৬৫, ৮ ডিচেম্বৰ : দেওবাৰে সামৰণি পৰিল ৪ ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল । বলীউডৰ বলিষ্ঠ অভিনেতা আমোল পালেকাৰৰ অনবদ্য একক অভিনয়সমৃদ্ধ কুছুৰ – দ্য মিছটেকেৰে সামৰণি পৰিল ৪ ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল। অভিনেতাগৰাকীৰ স্বৰচিত-পৰিচালিত হিন্দী ভাষাৰ ৰহস্যধৰ্মী নাটখনত পালেকাৰে এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ভুমিকাত অভিনয় কৰে। সন্ধ্যা গোখলেৰ দ্বাৰা ব্যৱস্থাপিত নাটখনত প্ৰতিটো দৃশ্যতে দৰ্শকক এক আকুল আহ্বানেৰে বান্ধি ৰখা আমোঘ শক্তি আছিল।

উল্লেখ্য যে প্ৰতিবছৰৰ লেখীয়াকৈ এইবছৰো গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলে সামৰণি দিনা আগবঢ়ায় নাট্যক্ষেত্ৰত জীৱনজোৰা সাধনা বঁটা। বিগত তিনিটা বৰ্ষত কুলদা কুমাৰ ভট্টাচাৰ্য, অৰুণ শৰ্মা (মৰণোত্তৰ) আৰু শুক্ৰাচাৰ্য ৰাভা (মৰণোত্তৰ)ক এই বঁটা দিয়াৰ পিছত ৪ৰ্থ বাৰৰ বাবে এই বঁটা আজি প্ৰদান কৰা হয় অসমৰ নাট্যক্ষেত্ৰত, চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ। অসমৰ নাট আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবেই বৰ্ষীয়ান অভিনেতাগৰাকীলৈ এই বঁটা আগবঢ়োৱা হয়। আজি এই বঁটা গ্ৰহণ কৰি উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সন্তুষ্টিও প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে।

উল্লেখ্য যে বিগত বৰ্ষবোৰত শ্বাৱানা আজমী, কাল্কী কেকলান, সৌৰভ শুক্লা, ৰজত কাপুৰ, বিনয় পাঠকৰ দৰে অভিনেতাই শুৱনি কৰি যোৱা গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলত এইবাৰ নাট পৰিৱেশন কৰে ৰাকেশ বেদী, আমোল পালেকাৰ, ৰূপালী গাঙ্গুলী, সিদ্ধাৰ্থ মাৰ্চেণ্ট, দানিছ ইৰাণী, সজীৱ পৰখ, দিলনাজ ইৰাণী, ডৰিয়াছ শ্ৰফৰ দৰে অভিনেতা অভিনেত্ৰীয়ে। বিগত ৬ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই নাট মহোৎসৱত এইবাৰ পট্টে খুল গয়ে, দ্য ডেভিল ৱেৰ্ছ বাটা আৰু আমোল পালেকাৰৰ কুছুৰ দ্য মিছটেক মঞ্চস্থ হয়।

তিনিওটা দিনটো প্ৰায় ৩ সহস্ৰাধিক লোকে ভিৰ কৰা এই মহোৎসৱৰ সফলতাক লৈ উৎসাহিত হৈ থিয়েটাৰ ফেষ্টিভেলৰ অধ্যক্ষ তথা উদ্যোক্তা জিপ্লাছৰ প্ৰকাশক সুনিত জৈনে কয়, “প্ৰতিটো দিনতে দৰ্শক ৰাইজৰ উৎসাহ দেখি নিজেও অধিক উৎসাহিত হৈছো, আৰু ইতিমধ্যেই ২০২০ চনৰ ৫ম সংস্কৰণৰ বাবে পৰিকল্পনা হাতত লৈছো। আশা কৰো গুৱাহাটীৰ নাট্যপ্ৰেমী ৰাইজৰ বিশ্বমানৰ নাট উপভোগৰ কিছুহ’লেও হেপাঁহ পূৰণ কৰিবলৈ সক্ষম হৈছো।”

বেলেণ্টাইনছ, দ্য আছাম ট্ৰিবিউনৰ লগতে অসম পৰ্যটন, এপ’ল’ হাস্পতাল, পূৰবী ডায়েৰী, বেংক অৱ বৰোডা, ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, ইণ্ডিয়ান অইল আৰু ভাৰতীয় জীৱন বীমা নিগমৰ সহযোগত জিপ্লাছে আয়োজন কৰা এই থিয়েটাৰ ফেষ্টিভেলে ইতিমধ্যেই গুৱাহাটীৰ সাংস্কৃতিক প্ৰেক্ষাপটত এক শক্তিশালী খোজ পেলাবলৈ সক্ষম হৈছে।

উল্লেখ্য যে প্ৰতিবছৰৰ দৰে এইবছৰো নাট মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছিল নাট কৰ্মশালাৰ। এইবছৰ ৰাকেশ বেদীৰ তত্বাৱধানত গুৱাহাটীৰ বিভিন্ন স্থানৰ শতাধিক শিক্ষাৰ্থীয়ে নাট কৰ্মশালাত অংশগ্ৰহণ কৰে। ইফালে প্ৰথমবাৰৰ বাবে এই নাট মহোৎসৱৰে মঞ্চত মূল নাটৰ পূৰ্বে অসমৰ তিনিটাকৈ যুৱ নাট্যদলক নাট প্ৰদৰ্শনৰ সুবিধাও প্ৰদান কৰা হয়। অন্তিম দিনা মূল নাটৰ পূৰ্বে নাট প্ৰদৰ্শন কৰে জাগীৰোড মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।