বৰপেটা, ৬ অক্টোবৰঃ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ৩০ঘণ্টাৰ ভিতৰত ১১টাকৈ শিশুৰ ৰহস্যজনক মৃত্যুৰ বাবে স্বাস্থ্য বিভাগৰ ব্যৰ্থতাক ধিক্কাৰ জনাই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গুমাফুলবাৰী আৰু বহৰি আঞ্চলিক সমিতিয়ে স্থানীয় ছাত্ৰ মুক্তিৰ নেতৃত্বত গুমাফুলবাৰী মাদ্ৰাছা চেন্টাৰত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে। উল্লেখ্য যে, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চলি থকা ব্যাপক অনিয়ম, দুৰ্নীতি, বিশেষজ্ঞ চিকিৎসকৰ অভাৱ, অত্যাধুনিক সা সাৰঞ্জামৰ অভাৱৰ লগতে চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষ আৰু একাংশ চিকিৎসক বিষয়া কৰ্মচাৰীৰ অৱহেলা আৰু গাফিলতিৰ বাবে ৰোগীয়ে উপযুক্ত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হৈ অহাৰ লগতে বহু সময়ত উপযুক্ত চিকিৎসাৰ অভাৱত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে। কেইমাহমান পূৰ্বে চিকিৎসকৰ অৱহেলা আৰু ভুল চিকিৎসাৰ কাৰণে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী সোণালী চৰকাৰৰ মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই দুদিনত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ১১টাকৈ নৱজাতকৰ মৃত্যু হোৱা ঘটনাই জিলাখনৰ লগতে ৰাজ্যজুৰি এক চাঞ্চল্য আৰু শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনাই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনায়।