কলগাছিয়া, ১০ অক্টোবৰঃ বৰপেটাৰোডৰ গণেশ লাল চৌধুৰী কলেজত এক কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ হ’বলগীয়া তিনি মহলীয়া ভৱনটোৰ আধাৰশিলা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰে। ভৱনৰ আধাৰশিলা স্থাপন কৰি এক ৰাজহুৱা সভাত অংশলৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এখন ৰাষ্ট্ৰ  যদি অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু শৈক্ষিক দিশত আগবাঢ়ি যাব খোজে তেন্তে তাৰ কেন্দ্ৰ ভূমি ৰচনা হ’ব এখন শিক্ষানুষ্ঠানৰ পৰাহে। শিক্ষানুষ্ঠানৰ বাহিৰৰ পৰা সমাজ পৰিবৰ্তনৰ নৱ জাগৰণ আৰম্ভ নহয়। অসম যদি ভাৰতৰ আগশাৰীৰ পাঁচ খন ৰাজ্যৰ ভিতৰত এখন হ’ব লাগে, তেন্তে সেই নৱ জাগৰণৰ সৃষ্টি দিছপুৰৰ সচিবালয়ত নহয়, হ’ব লাগিব বিদ্যালয় তথা মহাবিদ্যালয়ৰ পৰা। সেইকাৰণে অসমৰ শৈক্ষিক ক্ষেত্ৰখন সৰ্বাঙ্গ সুন্দৰ কৰাৰ বাবে ৰঞ্জিৎ দাসৰ নেতৃত্বত সোণোৱাল চৰকাৰ নিয়োজিত হৈছে। তাৰেই ফলস্বৰূপে বিগত প্ৰায় ডেৰ বছৰৰ ভিতৰত ৰাজ্যত ৩১ হাজাৰতৈ অধিক শিক্ষক নিযুক্তি দিয়া হৈছে। শৰ্মাই বৰ্তমানৰ ৰাজ্যত বিজেপি চৰকাৰে অসমৰ ছাত্ৰ ছাত্ৰীক পোষ্ট গ্ৰেজুৱেট পৰ্যায়লৈ বিনামূলীয়াকৈ নামভৰ্ত্তি কৰোৱাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ বিনামূলীয়াকৈ কিতাপ দিয়াৰ কথা ঘোষণা কৰে। তেওঁ নিয়ম নীতি শিথিল কৰি হ’লেও বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি অসমৰ প্ৰতিটো সমষ্টিত এখনকৈ মহাবিদ্যালয়ত পোষ্ট গ্ৰেজুৱেট পঢ়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ পদক্ষেপ গ্ৰহণৰ কথাও সদৰি কৰে।