ৰঙিয়া, ২১ আগষ্টঃ বাক্সাৰ অন্তৰ্গত সুৱাগপুৰৰ এজন যুৱক গোৰেশ্বৰৰ দুই বন্ধুৰ সৈতে গোৱালৈ কামৰ উদ্দেশ্যে যোৱাৰ পিছতে ৰহস্যজনকভাৱে নিৰুৰ্দ্দেশ হয়৷ মইনা ডেকা (৩৭) নামৰ যুৱকজনৰ সন্ধানহীন হোৱাৰ আঁৰত দুই বন্ধু ক্ৰমে মহেন্দ্ৰ নাথ আৰু হেমন্ত দাস জড়িত বুলি পৰিয়ালবৰ্গই সন্দেহ কৰিছে৷ যোৱা ২৯ জুলাইৰ পৰা নিখোজ হৈ থকা বিবাহিত ভাতৃৰ নিৰুৰ্দ্দেশ সন্দৰ্ভত ককায়েক ধনু ডেকাই সুৱাগপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। কিন্তু আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তৎপৰতা প্ৰদৰ্শন নকৰাত উপায়বিহীন হৈ ককায়েক ধনুৱে অকলশৰে ভাতৃৰ সন্ধান অব্যাহত ৰাখিছে৷ কোনো লোকে মইনা ডেকাৰ সন্ধান পালে ৯৬৭৮১৪১২০২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।