বটদ্ৰৱা : বটদ্ৰৱাত উত্তপ্ত পৰিস্থিতি। এটা হাঁহ আৰু দহ হাজাৰ টকা নিদিয়াৰ বাবেই বটদ্ৰৱা আৰক্ষীয়ে ধিং থানাৰ অন্তৰ্গত ছালনাবড়িৰ ছফিকুল ইছলামক হত্যা কৰাৰ অভিযোগ। বটদ্ৰৱা আৰক্ষী থানাৰ চৌহদৰ ভিতৰত আৰক্ষীয়ে মৰিয়াই মৰিয়াই যুৱকজনক হত্যা কৰাৰ অভিযোগ। উত্তেজিত ৰাইজে জ্বলাই দিলে বটদ্ৰৱা আৰক্ষী থানা।

বটদ্ৰৱাত আৰক্ষীয়ে এজন যুৱকক হত্যা কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি। এটা হাঁহ আৰু দহ হাজাৰ টকা নিদিয়াৰ বাবেই বটদ্ৰৱা আৰক্ষীয়ে এজন যুৱকক হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ জ্বলিছে বটদ্ৰৱা। বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখন যুৱকজনৰ মৃতদেহ ৰাখি আৰক্ষী লগত ৰাইজৰ হতাহতি। উত্তেজিত ৰাইজে বটদ্ৰৱা আৰক্ষী থানা ভাঙি লণ্ডভণ্ড কৰি থানাৰ বেৰিকেত লৈ পথ অৱৰোধ কৰে।

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ৰাইজে জ্বলাই দিয়ে বটদ্ৰৱা আৰক্ষী থানা।‌ ধিংৰ ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ যুৱকজন শুকুৰবাৰে নিশা মাছৰ ব্যৱসায়ৰ বাবে শিৱসাগৰলৈ গৈ থকা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে তালাচী চলাই যুৱকজনক বটদ্ৰৱা আৰক্ষী থানালৈ লৈ আহে। অভিযোগ অনুসৰি আৰক্ষীয়ে পুৱা যুৱকজনৰ পৰিয়ালৰ পৰা হাঁহ আৰু দহ হাজাৰ টকা বিচাৰে। কিন্তু যুৱকজনৰ পত্নীয়ে কেৱল হাঁহ দিয়াত পত্নীৰ সন্মুখতেই আৰক্ষীয়ে যুৱকজনক প্ৰহাৰ কৰে।

পৰৱৰ্তী সময়ত যুৱকজনৰ পৰিয়ালৰ লোকে দহ হাজাৰ টকা লৈ থানালৈ আহে যদিও যুৱকনজন আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিবলৈ পায়। ইয়াৰ পিছতে চিকিৎসালয়ৰ মৰণোত্তৰ ঘৰত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ। ইয়াৰ পিছতেই যুৱকজনৰ মৃতদেহ লৈ বটদ্ৰৱা আৰক্ষী চকীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থানা ঘেৰাও কৰে যুৱকজনৰ পৰিয়ালৰ লোকে। পৰিস্থিতিৰ অৱনতি ঘটাত উত্তেজিত ৰাইজে জ্বলাই দিয়ে থানা।