গুৱাহাটী : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ। ৰাজ্যৰ ২৯ খনকৈ জিলাৰ মুঠ ২,২৫১ খন গাঁও এতিয়াও ডুব গৈ আছে বাঢ়নী পানীত। বানপানী আৰু ভূমিস্খলনৰ ফলত ৰাজ্যত বর্তমানলৈকে ১৪ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত ন ন অঞ্চল প্লাৱিত হৈছে, ফলত বহু লোক বাঢ়নী পানীত আৱদ্ধ হৈ পৰিছে। ৰাজ্যৰ জলমগ্ন হৈ থকা ২৯ খন জিলাত ৮ লাখৰো অধিক লোক প্ৰভাৱিত হৈছে।

আৰক্ষী, সেনা, অৰ্ধ-সামৰিক বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জৰুৰীকালীন সেৱাই বানপানীত আৱদ্ধ হৈ থকা লোক সকলৰ উদ্ধাৰ অভিযানত নিয়োজিত হৈছে আছে। বাঢ়নী পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি অনা লোক সকলক আশ্ৰয় শিবিৰত ৰখা হৈছে।

বান প্ৰভাৱিত অঞ্চল সমূহত স্থাপন কৰা ২৩৪ টা আশ্ৰয় শিবিৰত ৭৪ হাজাৰতকৈও অধিক লোক আশ্ৰয় লৈ আছে। বৰ্তমান কামপুৰ, নগাঁও আৰু ধৰ্মতুলত বিপদ সীমাৰ চিহ্নৰ ওপৰেৰে কপিলী নদী, শিৱসাগৰত দিচাং নদী, নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নদী, এ পি ঘাটত বৰাক নদী আৰু কৰিমগঞ্জত কুছিয়াৰা নদী বৈ আছে।

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত দিনত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে। বিভাগটোৱে জনোৱা মতে, বর্তমান সাধাৰণতকৈ অধিক বৰষুণ হৈছে আৰু অহা দুদিনমানলৈ অধিক বৰষুণ হ’ব। নেৰানেপেৰা বৰষুণ লগতে ভূমিস্খলনে অধিক বিধ্বস্ত কৰিছে ডিমা হাচাও জিলা।