গৰৈমাৰী : এফালে বানৰ সংহাৰী ৰূপ, আনফালে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গৈছে বিঘাই বিঘাই ভূমি। জলপৃষ্ঠ বৃদ্ধি পোৱাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আতংকিত নৈ পৰিয়া ৰাইজে চলাই গৈছে ব্ৰহ্মপুত্ৰ নদীত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৰ্থ প্ৰচেষ্টা।

বছৰৰ প্ৰথমটো বানপানীয়ে ৰাজ্যত তাণ্ডৱলীলা চলাই থকাৰ মাজতে নৈ পৰিয়া ৰাইজক অধিক আতংকিত কৰি ৰাখিছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই। বানপানীৰ ফলত জলপৃষ্ঠ বৃদ্ধি পোৱাত ৰাজ্য নৈ-উপ নৈ সমূহৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া কালৰূপ ধাৰণ কৰিছে।

গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰ ব্যৰ্থ হোৱাত নৈ পৰিয়া ৰাইজ নিজে চলাই গৈছে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৰ্থ প্ৰচেষ্টা। নদীত গছৰ ডাল পেলাই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৰ্থ প্ৰচেষ্টা চলাইছে নৈ পৰিয়া ৰাইজে। বানৰ তাণ্ডৱৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খলিহামাৰী অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰ‌ৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে।

খলিহামাৰী অঞ্চলত দিনে-নিশাই এফালৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গৈছে সপোনৰ ঘৰ,শ শ বিঘা কৃষি ভূমি। অঞ্চলটোত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে। ব্ৰক্ষপুত্ৰ নদীৰ জলপৃষ্ঠ যিমানেই উফান্দি উঠিছে সিমানেই খলিহামাৰী অঞ্চলত গৰাখহনীয়াই চলাইছে তাণ্ডৱ।

ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত আতংকিত হৈ পৰিছে অঞ্চটোৰ নৈ পৰীয়া ৰাইজ। অঞ্চলটোৰ গৰাখহনীয়া প্ৰভাৱিত ৰাইজৰ খবৰ লবলৈ সময় নাই চৰকাৰ তথা স্থানীয় বিধায়কৰ। অৱশেষ‌ত উপায়ন্তৰ হৈ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ হাতেকামে নামিল খলিহামাৰী অঞ্চলৰ ৰাইজ। গছৰ ডাল কাটি নদীত পেলাই ৰাইজে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছে।

ৰাইজে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছে যদিও তীব্ৰ গতিত কালৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ‌ৰ নদীৰ গৰাখহনীয়াই। গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে গুমি নগৰবেৰা ই এণ্ড ডি মথাউৰিলৈ। ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰা খহনীয়াৰ ফলত উজাগৰে নিশা কটাইছে খলিহামাৰী অঞ্চলৰ নৈ পৰীয়া ৰাইজে।