আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদী সমদলক আৰক্ষীৰ বাধা প্ৰদান। অসমীয়া ভাষা ৰক্ষা আন্দোলনৰ ১২ দফীয়া দাবী চনদক লৈ বীৰ লাচিত সেনাই উলিয়াইছিল এক প্ৰতিবাদী সমদল। অসম চৰকাৰে শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাক প্ৰত্যাহাৰ কৰাৰ বিৰুদ্ধে বীৰ লাচিত সেনাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাক প্ৰত্যাহাৰ কৰাৰ চৰকাৰৰ সিদ্ধান্তক হঠাকাৰী সিদ্ধান্ত বুলি আখ্যা দিছে বীৰ লাচিত সেনাই। চৰকাৰৰ এই সিদ্ধান্তই অসমীয়া ভাষাটোৰ ভৱিষ্যত সংকটাপন্ন কৰি তুলিছে বুলিও কয় বীৰ লাচিত সেনাৰ নেতৃত্বই। অসম লোকসভা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাক প্ৰত্যাহাৰ কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে বীৰ লাচিত সেনা।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বীৰ লাচিত সেনাই এক ১২ দফীয়া দাবীক লৈ ৰাজ্যজুৰি আৰম্ভ কৰিছে অসমীয়া ভাষা ৰক্ষা আন্দোল। সংগঠনটোৰ দাবী সমূহ হৈছে অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা বাধ্যতামূলক কৰক, অসম চৰকাৰ অধীনত সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত “চিবিএচই বোৰ্ড” অধীনত দশম শ্রেণী লৈ অসমীয়া ভাষা বাধ্যতামূলক কৰক, অসমৰ সকলো ঠাইত ৰাজ্য ভাষা অসমীয়া মৰ্যদা অক্ষুণ্ণ ৰাখক, কাৰ্বি আংলং, ডিমা হাছাও, বৰাকত সহযোগী স্থানীয় ভাষাৰ মৰ্যদা অটুট ৰাখক, শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অসমীয়া বিষয় প্ৰবৰ্তন কৰক।

এইদৰে প্ৰায় ১২ দফীয়া দাবী চনদক লৈ বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ অৰ্ধ-শতাধিক কৰ্মী সকলে শিৱসাগৰ নগৰৰ খ্ৰীষ্টানপট্টি চাৰিআলিৰ সমীপৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই। কিন্তু শিৱসাগৰ নগৰ মাজমজিয়াৰ কে পি এম চাৰিআলিত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা সংগঠনটোৰ কৰ্মী সকলক আধা বাটতে শিৱসাগৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে।

বীৰ লাচিত সেনাৰ কেইবাজনো কৰ্মীক আৰক্ষীয়ে গাড়ীত তুলি স্মাৰক পত্ৰ প্ৰদান কৰাৰ বাবে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় লৈ নিয়ে। আনহাতে বীৰ লাচিত সেনাৰ নেতৃত্বই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি দলৰ চৰকাৰে এনে গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰা চেষ্টা কৰিছে, অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ ৰক্ষাৰ বিষয়ত বীৰ লাচিত সেনাই কোনো দিনে আপোচ নকৰে আৰু নিজৰ আন্দোলন অব্যাহত ৰাখিব।