কোকৰাঝাৰ : পৰিবহন বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ (District Transport Officer) ঘৰত চলিল আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত পৰিবহন বিভাগৰ বিষয়া গৰাকীৰ ঘৰৰ পৰা জব্দ ৩৬ লাখ টকা। নগদ ৩৬ লাখ টকাসহ পৰিবহন বিভাগৰ বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ৰাজ্য চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী সকলৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া আৰু কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰি ৰঙা ঘৰৰ আলহী হৈ আছে। ইয়াৰ পিছতো একাংশ চৰকাৰী বিষয়া আৰু কৰ্মচাৰীয়ে এৰিব পৰা নাই দুৰ্নীতিৰ পথ।

দুৰ্নীতিৰে ধনৰ পাহাৰ গঢ়া আৰু এজন চৰকাৰী বিষয়া পৰিল জালত। এইবাৰ অৱশ্যে অভিযান চলালে আৰক্ষীয়ে। কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই পৰিবহন বিভাগৰ এজন দুৰ্নীতিগ্ৰস্ত বিষয়াক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে নিশাৰ ভাগত কোকৰাঝাৰ আৰক্ষীয়ে চলাইছিল এই অভিযান।

নিশা কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ ভাৰপ্ৰাপ্ত পৰিবহণ বিষয়াৰ ঘৰত অভিযান চলাই নগদ ৩৬ লাখ টকা জব্দ কৰে। কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত পৰিবহণ বিষয়া সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই নগদ ৩৬ লাখ টকা জব্দ কৰি সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক গ্ৰেপ্তাৰ কৰে। সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি দুৰ্নীতিত লিপ্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈ আছিল।

বিষয়া গৰাকীয়ে দুৰ্নীতিৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীয়ে শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট বাহিনীৰ লগত মিতিৰালী কৰি ধন সংগ্ৰহ কৰাৰ অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে। উক্ত অভিযোগৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক গ্ৰেপ্তাৰ কৰে। কোকৰাঝাৰ আৰক্ষীয়ে অধিক তথ্যৰ সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।