কলগাছিয়া, সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰ : কলগাছিয়াৰ সুতিৰপাথাৰত বেকী নৈৰ ভয়াৱহ গৰাখহনীয়া। কাণসাৰ নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ। উপ নিৰ্বাচনত ভোট বৰ্জনৰ ভাবুকি ৰাইজৰ। চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই নদীৰ পাৰত বহি নেদেখা জনৰ ওচৰত খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰাৰ্থনা জনালে খহনীয়াগ্ৰস্ত লোকে।

উল্লেখযোগ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা জনিয়া সমষ্টিৰ সুতিৰপাথাৰ, খাৰবাল্লী, ডাউকমাৰী, কাচুকাটী আদি চাৰিখনকৈ গাঁও বানপানীৰ পিছৰে পৰা গৰাখহনীয়াৰ কৱলত পৰিছে যদিও খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত প্ৰায় দুই শতাধিক পৰিয়াল গৃহহীন হৈ পৰিছে। লগতে শ শ বিঘা খেতি মাটি নদীৰ বুকুত জাহ গৈছে।

উপায়ন্তৰ হৈ দেওবাৰে খহনীয়া গ্ৰস্ত লোকে নদীৰ পাৰত বহি সৃষ্টি কৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰি খহনীয়া প্ৰতিৰোধৰ আবেদন জনোৱাৰ লগতে আগন্তুক জনীয়া বিধান সভা সমষ্টিত হবলগীয়া উপ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে চাৰিখন গাঁৱৰ ৰাইজে।