নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত বৰ্দ্ধিত হাৰত বাঢ়িছিল পিয়াঁজৰ দাম। প্ৰতি কেজিত ৫ টকাকৈ বাঢ়ি বৰ্তমান পিয়াঁজৰ দামে চুইছেগৈ ৮০ ৰ ঘৰ।

পিয়াঁজৰ বৰ্দ্ধিত মূল্যৰ মাজতে শনিবাৰে দিল্লীৰ কেজৰিৱাল চৰকাৰে প্ৰতি কিলোগ্ৰাম পিয়াঁজ ২৩.৯০ টকাত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে দিল্লী চৰকাৰে ৭০ খন ম’বাইল ভান আৰু ৪০০খন দোকানৰ জৰিয়তে ৭০ টা বিধানসভা সমষ্টিত প্ৰতি কিলোগ্ৰাম পিয়াঁজ ২৩.৯০ টকাত উপলব্ধ কৰিব৷

এক তথ্য অনুসৰি যোৱাবছৰৰ তুলনাত চলিত বছৰত পিয়াঁজৰ উৎপাদন প্ৰায় আধা কমি গৈছে। ভাৰতৰ বজাৰত পিয়াঁজৰ চাহিদা অনুসৰি যিমান যোগান আহিব লাগিছিল তাৰ পৰিৱৰ্তে খুৱেই কম যোগান আহিছে । য’ত পূৰ্বতে ৬ – ৬.৫ লাখ মেট্ৰিকটন পিয়াঁজৰ যোগান ধৰা হয় তাৰ পৰিৱৰ্তে ২০১৯ ৰ ছেপ্টেম্বৰ মাহত বজাৰলৈ পিয়াঁজ আহিছে মাত্ৰ ৩.১ মেট্ৰিকটন । যাৰ বাবে এনেদৰে দাম বাঢ়িছে পিয়াঁজৰ।