গুৱাহাটী : “বিজেপিয়ে ভৌ কৰিলে আমি সকলো পলায়ন কৰিম বুলি বিজেপিয়ে ধাৰণা কৰে, কিন্তু মমতা বেনাৰ্জী বিজেপিয়ে ভৌ কৰিলে পলায়ন কৰা বিধৰ নহয়। পশ্চিম বংগত আমি যি দৰে বিজেপিৰ লগত যুঁজ দিছোঁ, অসমতো ঠিক তেনে ধৰণে যুঁজ দিম”। গুৱাহাটীত উপস্থিত হৈ তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ মহুৱা মৈত্ৰৰ হুংকাৰ।

বুধবাৰে গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিলে তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ মহুৱা মৈত্ৰয়ে। মহুৱা মৈত্ৰই কয় “বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে, এফালে বিজেপিয়ে ধনৰ বিনিময়ত বিধায়কক ক্ৰয় কৰে আৰু আনফালে সাম্প্ৰদায়িক ৰাজনীতি কৰে, এনে পৰিস্থিতিত বিজেপিৰ বিকল্প তৃণমূল কংগ্ৰেছ”।

মহুৱা মৈত্ৰই লগতে কয় “বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ সমগ্ৰ ভাৰততে তৃণমূল কংগ্ৰেছৰ একে ধৰণৰ পৰিকল্পনা আছে। অসমৰ বাবে কোনো বেলেগ ধৰণৰ পৰিকল্পনা নাই। “বিজেপিয়ে ভৌ কৰিলে আমি সকলো পলায়ন কৰিম বুলি বিজেপিয়ে ধাৰণা কৰে, কিন্তু মমতা বেনাৰ্জী বিজেপিয়ে ভৌ কৰিলে পলায়ন কৰা বিধৰ নহয়। পশ্চিম বংগত আমি যি দৰে বিজেপিৰ লগত যুঁজ দিছোঁ, অসমতো ঠিক তেনে ধৰণে যুঁজ দিম”।

ইফালে কংগ্ৰেছৰ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই কয় “অসমত তৃণমূল কংগ্ৰেছ এআইইউডিএফ আৰু।কংগ্ৰেছৰ লগত কোনো ধৰণৰ মিত্রতা নকৰে। এআইইউডিএফ দল বিজেপিৰ ‘বি’ টীম ইতিমধ্যে প্ৰমাণিত হৈছে। উল্লেখ্য যে বুধবাৰে তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত বিভিন্ন দলৰ শতাধিক লোকে দলটোত যোগদনা কৰে।