আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ : অসমৰ কলা জগতত মুখ্যম আঘাত। তিনিচুকীয়া আৰু গুৱাহাটীৰ একাংশ মেজিছিয়ানে যাদু জগতৰ ইতিহাসক বিকৃত কৰাৰ গুৰুত্বৰ অভিযোগ। অসমৰ সংবাদ মাধ্যমে যি গৰাকী যাদু সম্ৰাটৰ মৃত্যুৰ বাতৰি কৰোঁতে ‘অসমৰ কলা জগতৰ এটি নক্ষত্ৰ খহি পৰিল’ বুলি শিৰোনামা দিছিল। যি গৰাকী যাদুকৰক আজিৰ পৰা তিনি দশকৰ পুৰ্বেই  সমগ্ৰ দেশে যাদু সম্ৰাট বুলি পৰিচয় দিছিল। যি গৰাকী যাদুকৰৰ বাট কটীয়াক বৰ্তমান প্ৰজন্মৰ যাদুকৰ সকলে যাদুৰ গুৰু বুলি আখ্যা দিয়ে।

যি গৰাকী যাদুকৰৰ দুহাতত আছিল যাদু , চকুত যাদু আছিল, কণ্ঠত যাদু আছিল, হাঁহিত যাদু আছিল, মুঠৰ ওপৰত সম্পূৰ্ণ শৰীৰটোয়েই যেন যাদু আৰু যাদু। সেই গৰাকী যাদু সম্ৰাট হৈছে এম হুছেইনৰ। যাদু সম্ৰাট এম হুছেইনৰ শিষ্য বুলি পৰিচয় দিয়া এচাম যাদুকৰে পাহৰি গৈছে দেশে স্বীকাৰ কৰা যাদু সম্ৰাট এম হুছেইনৰ নামৰ আগত যে ‘যাদু সম্ৰাট’ লগাব লাগে। যি গৰাকী যাদুকৰে দেশে-বিদেশে যাদু কলাক এক নতুন মাত্ৰা দিয়াৰ লগতে অসম আৰু অসমীয়াৰ পৰিচয় বিশ্বৰ সন্মুখত জিলিকাই তুলিছিল৷

যি গৰাকী যাদু সম্ৰাট এম হুছেইনে শ্বহীদ কুশল কোঁৱৰৰ অমৰ দেশ প্ৰেমক বিশ্বৰ বুকুত যাদু কলাৰ জৰিয়তে দাঙি ধৰি জাতিৰ ত্যাগক জিলিকাইছিল, যি গৰাকী যাদুকৰে মঞ্চত সম্প্ৰীতি, ভাতৃত্ববোধৰ দৃষ্টান্ত দাঙি ধৰিবলৈ ৰঙৰ মায়াজাল ৰচিছিল, সেই গৰাকী চিৰ নমস্য যাদু সম্ৰাট এম হুছেইনৰ নামৰ সন্মুখৰ পৰা সম্ৰাট শব্দটো বিচিন্ন কৰাৰ ঘটনাই নীচ, বিভেদকামী মানসিকতাৰহে পৰিচয় দিয়ে।
যাদু সম্ৰাট এম হুছেইনৰ মৃত্যু হৈছিল ৯-৯-৯৯ চনত।