গুৱাহাটী : সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজীৱ ভৱন প্ৰাংগণত ভাৰত ত্যাগ আন্দোলনৰ লগত সংগতি ৰাখি ৭৯ সংখ্যক “ভাৰত ত্যাগ দিৱস” অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই পতাকা উত্তোলন কৰি উপস্থিত দলীয় নেতা কৰ্মী সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

ভাষণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে বম্বেৰ ক্ৰান্তি ময়দানত অনুষ্ঠিত অখিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অধিবেশনত মহাত্মা গান্ধীয়ে ক্ৰিপছ মিছনে কংগ্ৰেছৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ প্ৰতিবাদত ব্ৰিটিছক ভাৰত ত্যাগ কৰিবলৈ আহ্বান জনায়। ফলস্বৰূপে ব্ৰিটিছে কংগ্ৰেছৰ প্ৰায়খিনি মুখ্য নেতা যেনে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, আবুল কালাম আজাদ, চৰ্দাৰ বল্লভ ভাই পেটেল আদি নেতা সকলক কৰায়ত্ব কৰে।

আজাদ হিন্দ ফৌজ, ভাৰতীয় কিছান ইউনিয়ন আদি বিভিন্ন সামাজিক অনুষ্ঠান আন্দোলনত জঁপিয়াই পৰে। মহাত্মা গান্ধীৰ কৰিম বা মৰিম আদৰ্শৰে অনুপ্ৰাণিত হৈ সমগ্ৰ ভাৰততে ভাৰত ত্যাগ আন্দোলন স্বতঃস্ফূৰ্ত: ভাৱে এক গণ বিপ্লৱলৈ ৰূপান্তৰিত হয়। জাতিৰ পিতা মহাত্মা গান্ধীৰ আহ্বানত আৰম্ভ হোৱা ভাৰত ত্যাগ আন্দোলনে ব্ৰিটিছক ভাৰতক পূৰ্ণ স্বাধীনতা দিবলৈ বাধ্য কৰে বুলিও মন্তব্য কৰে ভূপেন কুমাৰ বৰাই।

ভাষণ প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে উক্ত ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰি প্ৰাণাহুতি দিয়া অসমৰ বীৰ শ্বহীদ কুশল কোঁৱৰ, মণিৰাম দেৱান, ভোগেশ্বৰী ফুকননি, কনকলতা, মুকুন্দ কাকতি মদন ৰাউতা আদি বীৰ সকলৰ বীৰ গাঁথা ৰোমন্থন কৰে। অসমৰ এই সকল বীৰ শ্বহীদৰ ত্যাগে অকল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছিল বুলিও কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলনৰ অন্তত শ্বহীদসকললৈ পুষ্পঞ্জলি অপৰ্ণ কৰে লগতে অসম তথা ভাৰতত গণতন্ত্ৰ আৰু স্বাধীনতাৰ স্বাভিমান শক্তিশালী কৰি যাবলৈ অংগীকাৰবদ্ধ হয়। শেষত প্ৰয়াত গণশিল্পী ভূপেন হাজৰিকাৰ বিখ্যাত গানৰ পংক্তিৰে নিজৰ ভাষণৰ সামৰণিৰে দলীয় কৰ্মকৰ্তা সকলক উৎসাহিত কৰি তোলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।