আজিজ আলী

মুকালমুৱা : মুকালমুৱাত আৰক্ষীৰ নিচাযুক্ত দ্ৰব্যৰ বিৰোধী অভিযান। অভিযানত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা। দীর্ঘদিন ধৰি গাঞ্জাৰ ব্যৱসায়ী চলাই অহা এজন লোকৰ ঘৰত আৰক্ষীয়ে চলায় অভিযান।

দৌলাশাল আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন। নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰত দেওবাৰে সন্ধিয়া দৌলাশাল আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন গাঞ্জা ব্যৱসায়ীক আটক কৰে। উল্লেখ্য যে বিগত সময়ছোৱাত মুকালমুৱা আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও সাফল্য লাভ কৰিছে।

ধৃত লোকজন ৰামপুৰৰ ফাগুনা ৰাজবংশী বুলি জানিব পৰা গৈছে। এক গোপন খবৰৰ ভিত্তিত দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইয়ে গাঞ্জা ব্যৱসায়ী ফাগুনা ৰাজবংশীৰ ঘৰত অভিযান চলাই জব্দ কৰে ৪ কিলো ৫৫১ গ্ৰাম গাঞ্জা। আৰক্ষীয়ে বৰ্তমান গাঞ্জা ব্যৱসায়ী ফাগুনা ৰাজবংশীক অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

দীৰ্ঘদিন ধৰি ফাগুনা ৰাজবংশীয়ে অঞ্চলটোত গাঞ্জাৰ ব্যৱসায়ী চলাই আছিল বুলি জানিব পৰা গৈছে। ইফালে মুকালমুৱা অঞ্চলত অনাগত দিনত আৰক্ষীয়ে ড্ৰাগছৰ লগত সকলো প্ৰকাৰৰ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰি তুলিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছমুক্ত মুকালমুৱা গঢ় দিয়াৰ সংকল্পৰে ড্ৰাগছ বিৰোধী অভিযান চলাই যাব।