গুৱাহাটী, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ : আজি ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী । সেই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকন্ঠগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অগণন গুণমুগ্ধই ।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগতো জালুকবাৰীত অৱস্থিত সুধাকণ্ঠৰগৰাকীৰ সমাধিক্ষেত্ৰত স্মৃতি তৰ্পণৰ আয়োজন কৰা হয়।

সমাধিস্থলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী নৱ কুমাৰ দলে, প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী আদি উপস্থিত থাকে।

সমাধিস্থলীত উপস্থিত হয় সুধাকন্ঠগৰাকীৰ অগণন গুণমুগ্ধ।

ইফালে মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰতো সুধাকন্ঠগৰাকীৰ প্ৰতিমূৰ্তিত সদৌ অসম ছাত্ৰ সন্থাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখযোগ্য যে কিডনীৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ড° হাজৰিকাই ৫ নৱেম্বৰ ২০১১ চন মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰিছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ।