গুৱাহাটী, সংবাদ ৩৬৫, ৪ নৱেম্বৰ : নৰ্থ ইষ্ট গ্রন্থমেলা ইছলাম বিৰোধী কুছ-কাৱাজৰ বাবেই আয়োজন কৰা হয় । দিছ্পুৰ প্ৰেছ ক্লাৱত সোমবাৰে সংবাদমেল আয়োজন কৰি সংবাদমেলত এনেদৰে বিস্ফোৰক মন্তব্য কৰে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়ত উলামাৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমিয়ে।

উল্লেখযোগ্য যে বিজেপিৰ সত্যৰঞ্জন বৰাৰ গ্ৰন্থ ” ইছলাম আৰু কুৰআনৰ কলংকিত কথাবোৰ ” দেওবাৰে উন্মোচন কৰে । কিতাপখনত মৌলানা ফজলুল কৰিম কাছিমিয়ে প্ৰকাশ কৰা অনুসৰি ইছলাম আৰু কোৰাণৰ উপৰত কিছুমান অত্যন্ত বিষাক্ত, অসত্য, অধ্যয়নহীন মিছা কথাৰ আলোচনা কৰা হৈছে। এই কাৰ্যক জমিয়ত উলামাই তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

সোমবাৰে অনুষ্ঠিত কৰা সংবাদমেলত মৌলানা ফজলুল কৰিম কাছিমিয়ে কয় যে “নৰ্থ ইষ্ট গ্ৰন্থমেলা ইছলাম বিৰোধী কুছ-কাৱাজৰ বাবেই আয়োজন কৰা হয়। দুয়োটা ফৈদে একে সময়তে একে স্থানতে দুবাৰ গ্ৰন্থমেলা পাতে। উন্মোচনৰ পৰা আৰম্ভ কৰি সকলো কাম হিন্দু ধৰ্মীয় ৰীতি-নীতিৰেই আৰম্ভ কৰা হয়। গ্ৰন্থমেলাত বিকৃত ৰূপত কোৰাণ বিক্ৰী কৰি থকা হৈছে। গ্ৰন্থমেলা এতিয়া গ্ৰন্থমেলা এতিয়া হিন্দুত্বৰ কৱলত ,আৰ এছ এছৰ চৰণীয়া পথাৰ গ্ৰন্থমেলা।”