ছয়গাওঁ, ৪ অক্টোবৰঃ বিদেশী ন্যায়াধীকৰণ আদালতৰ পৰা ভাৰতীয় নাগৰিক তথা অসমৰ প্ৰকৃত খিলঞ্জীয়া বুলি স্বীকৃতি লাভ কৰাৰ পিছত পুনৰ সন্দেহযুক্ত নাগৰিকৰ অপবাদ লাভ কৰি মানসিক যন্ত্ৰণা ভূগিছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ফজৰ আলীয়ে৷ তিনিদিন পূৰ্বে অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনা বিষয়া আজমল হকক সন্দেহযুক্ত বিদেশীৰ জাননী প্ৰেৰণ কৰি কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই অসমৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খলকণিৰ সৃষ্টি কৰাৰ সময়তেই আৰক্ষী অধীক্ষক জনৰ আন এক কলংকিত তথ্য উন্মোচন হৈছে৷ প্ৰাপ্ত তথ্য মতে, দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীৰ টুক্ৰাপাৰাৰ বাসিন্দা ফজৰ আলীৰ নামত ২০০৯ চনত বিদেশী ন্যায়াধিকৰণ কামৰূপ (আৰবান) গুৱাহাটীৰ আদালতৰ পৰা কামৰূপ জিলা আৰক্ষী অধীক্ষকে জাননী জাৰী কৰে৷ আলীয়ে জাননী অনুসৰি ন্যায়ালয়ত ভাৰতীয় নাগৰিকত্বৰ বৈধ নথি পত্ৰ দাখিল কৰে৷ গুৱাহাটীৰ উলুবাৰীস্থিত বিদেশী ন্যায়াধীকৰণ আদালতে ফজৰ আলীৰ নাগৰিকত্বৰ নথি পত্ৰ পৰীক্ষণ কৰি আলীক ভাৰতীয় নাগৰিক তথা অসমৰ প্ৰকৃত খিলঞ্জীয়া বুলি স্বীকৃতি দিয়ে৷ কিন্তু চলিত বৰ্ষৰ ২৭জুলাইত কামৰূপ জিলা আৰক্ষী অধীক্ষকে পুনৰ বিদেশী ন্যায়াধিকৰণ আদালতৰ পৰা ফজৰ আলীক অনুপ্ৰৱেশকাৰী হিচাবে চিহ্নিত কৰি জাননী প্ৰেৰণ কৰে৷ ফজৰ আলীয়ে ২০০৯ত বৈধ ভাৰতীয় নাগৰিকত্বৰ সকলো নথি পত্ৰ দাখিল কৰি বিদেশী ন্যায়াধিকৰণ কামৰূপ (আৰবান) গুৱাহাটীৰ আদালতৰ পৰা ভাৰতীয় নাগৰিক তথা অসমৰ প্ৰকৃত খিলঞ্জীয়া বুলি স্বীকৃতি পোৱাৰ পিছত পুনৰ কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই ফজৰ আলীৰ নামত সন্দেহযুক্ত নাগৰিকৰ জাননী জাৰি কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিদেশী বিতাড়ণৰ নামত অসম আৰক্ষীয়ে যে ৰাজ্যত ভেঁকোভাওঁনা আৰম্ভ কৰিছে তাৰেই স্পষ্ট প্ৰমাণ আজমল হক, ফজৰ আলী৷ ফজৰ আলীয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰিছে৷