গুৱাহাটী, ৪ অক্টোবৰঃ পুনৰ ছ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য এজন অসমীয়া যুৱকৰ। যুৱকজনে ফেচবুকত কৰা এটা বিতৰ্কিত মন্তব্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যুৱকজনৰ এই মন্তব্যৰ পিছতে ইন মেটছ মাট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ভৰলুমুখ থানাত এজাহাৰ দাখিল কৰিছে৷ যোৱা ১৯ ছেপ্তেম্বৰত যুৱকজনে ফেচবুকত Proud to be a bangladeshi from assam! Come, deport me! Right now! বুলি ছ’চিয়েল এটা পোষ্ট কৰিছিল। ৰফিউলৰ এই পোষ্টটোৱে সৰ্বত্ৰ তীব্ৰ আলোড়নৰ সৃষ্টি কৰে৷ ৰফিউলৰ পোষ্টটোৰ সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰণ ৰিজিজুৱে টুইটাৰত টুইটৰ জড়িয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ ৰিজিজুৱে টুইটাৰত বাংলাদেশীসকল ভাৰতত শৰণাৰ্থী হিচাপে আহক বা কাঁটা তাঁৰ পাৰ হৈয়ে আহক তেওঁলোকৰ মানসিকতা একেই থাকে বুলি মন্তব্য কৰে৷ ৰিজিজুৱে টুইটাৰযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মাজতে ক্ষান্ত থকাত সংগঠনটোৱে তীব্ৰ আশ্চৰ্য্য প্ৰকাশ কৰে৷ সংগঠনটোৰ নেতৃবৃন্দই ৰফিউল আলম ৰহমানৰ পোষ্ট আৰু পোষ্টটোৰ সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰণ ৰিজিজুৰ ভূমিকাত তীব্ৰ ভাষাৰে সমালোচনা কৰি ভৰলুমুখ থানাত এজাহাৰ দাখিল কৰে৷