মিৰ্জাৰ পৰা অজয় দাস, ২০ নৱেম্বৰ: এগৰাকী বৃদ্ধা মহিলাৰ জীৱন পৰিক্ৰমাই এতিয়া হৃদয়বান লোকৰ চকুলো সেমেকাই তুলিছে৷ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ইতিহাস প্ৰসিদ্ধ বৃহত্তৰ ৰাণী অঞ্চলৰ গৌৰীপুৰ গাঁৱত মহিলা এগৰাকীৰ ঘৰত আজিৰ পৰা প্ৰায় ২৫ বছৰ পূৰ্বে নিজৰ বস্তি মাটিৰেই এটা ফাল মাকন বড়ো আৰু তেওঁৰ কন্যাক আশ্ৰয় প্ৰদান কৰি থাকিবলৈ দিছিল৷ নিজৰ স্বামীৰ পৰা বিচ্ছেদ হোৱা মাকন বড়োৱে দিন হাজিৰা কৰি বহু বছৰ জীৱননিৰ্বাহ কৰি অহাৰ লগতে একমাত্ৰ কন্যা ভানু বড়োকো পঢ়া-শুনা কৰাই আহিছিল৷ এনেদৰে দিন অতিবাহিত হোৱা পিছত কন্যা ভানু বড়োয়ে বৰপেটাৰ বসন্ত বৰ্মন নামৰ লগত বিবাহ পাশত আৱদ্ধ হয়৷ আৰু স্বামী বসন্ত বৰ্মনে কৰ্মসূত্ৰে গুৱাহাটীৰ খ্ৰীষ্টানৱস্তিত নিজৰ পত্নী সহ থাকিবলৈ লয়৷ ইফালে ৰাণীত অকলে থকা মাক মাকন  বড়োকো জীয়েক-জোৱায়েকে খ্ৰীষ্টানবস্তিলৈ লৈ আহে৷ আৰু খ্ৰীষ্টানবস্তিত বহু কেইবছৰ থকাৰ পিছত জীয়েক ভানু বড়ো বৰ্মন অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে৷ মৃত্যুৰ  পিছত একমাত্ৰ পুত্ৰ সন্তান আৰু নিজৰ স্বামী, মাতৃক এৰি যায়৷ ইফালে  জীয়েকৰ মৃত্যুৰ পিছত জোৱায়েক বসন্ত বৰ্মনে আৰম্ভ কৰে বৃদ্ধাগৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ৷ প্ৰতিদিনে চলোৱা শাৰিৰীক আৰু মানসিক অত্যাচাৰৰ বলি হৈ বৃদ্ধা মাকন বড়োৱে বহুবাৰ আত্মাহত্যা কৰিবও বিচাৰিছিল৷ অৱশেষত জোৱায়েকৰ অত্যাচাৰ সহিব নোৱাৰি বৃদ্ধা মাকন বড়োৱে পুনৰ ৰাণীৰ সেই পৰিয়ালটিলৈ উভতি আহে যদিও মহিলা গৰাকীয়ে বৃদ্ধা আশ্ৰমত থাকিব বিচৰাত স্থানীয় স্বেচ্ছাসেৱী সংস্থা “ঐক্যতা” তত্বাৱধানত  মহিলাগৰাকীক কালি গুৱাহাটীৰ নুনমাটিস্থিত মাদাৰ টেৰেছা বৃদ্ধাৱাসলৈ যায়৷ এখন নতুন ঘৰ পোৱাৰ বাবে আনন্দ প্ৰকাশ কৰিছে বৃদ্ধা গৰাকীয়ে৷