পবিতৰা, ১৯ নৱেম্বৰ : এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰন্যত ৰবিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অভয়াৰন্যখনৰ ধলী বিলত প্ৰায় ৫ সহস্ৰাধিক লোকে অবৈধ ভাবে মাছ মাৰিবলৈ প্ৰৱেশ কৰাৰ বাবেই সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষী উপস্থিত হয় যদিও প্ৰথম অৱস্থাত খেদি পঠিয়াবলৈ সক্ষম নহয় অবৈধ ভাৱে প্ৰৱেশ কৰা মাছমৰীয়া সকলক ৷ পিছত মাছমৰীয়া সকলক ছত্ৰভংগ দিয়াবলৈ পবিতৰাৰ বন বিভাগ আৰু আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ উল্লেখ্য যে পবিতৰাৰ নিকটৱৰ্তী কুকুৱাৰী আৰু বুৰাবুৰী গাঁৱৰ একাংশ দুষ্টচক্ৰই বিগত কেইবাদিন ধৰি ধলী বিলত অবৈধ ভাবে মাছ মাৰিবলৈ চেষ্টা চলাই আহিছিল যদিও আৰক্ষী মোতায়ন থকাৰ বাবে সক্ষম হোৱা নাছিল ৷ কিন্তু আজি আৰক্ষী নথকাৰ সুযোগ লৈ পবিতৰাৰ ভিতৰত থকা বিলত প্ৰৱেশ কৰে যদিও পিছত আৰক্ষী উপস্থিত হৈ মাছমৰীয়া সকলক খেদি পঠিয়াবলৈ সক্ষম হয় ৷