ৰঙিয়া, ১৫ জুলাইঃ ৰঙিয়া উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। উল্লেখ্য যে, ৰঙিয়া উন্নয়ন খণ্ড কাৰ্যালয়টোৰ অধীনত পঞ্চায়তৰ বিভিন্ন আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ বিশেষকৈ ইন্দিৰা আবাস যোজনাৰ গৃহ নামত এটা আইডি নম্বৰৰ বিপৰীতে একাধিক আইএৱাই গৃহ আৱন্টনৰ অভিযোগ উত্থাপন হৈছিল৷ বিভাগটোৱে প্ৰকৃত দৰিদ্ৰ লোকক বঞ্চিত কৰি একেটা পৰিয়ালক একাধিবাৰ পঞ্চায়ত আঁচনিৰ সা-সুবিধা দিয়াৰ স্থানীয় লোকে দাবী কৰিছিল৷ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া কাৰ্যালয়টোত উপস্থিত হৈ আইএৱাই আঁচনিৰ গৃহৰ আইডি নম্বৰৰ তালিকা পৰীক্ষা কৰে। বিষয়াজনে ২০০৭ চনৰ পৰা ২০১২ চনলৈকে আৱন্টন দিয়া আইএৱাই গৃহৰ তথ্য বিচৰাৰ লগতে আইডি নম্বৰ কেনেকৈ প্ৰস্তুত কৰা হয়, হিতাধিকাৰীক কেনেকৈ বাচনি কৰা হয় বিষয়ৰ সন্দৰ্ভত কাৰ্যালয়ৰ বিষয়াক প্ৰশ্নাৰোপ কৰে। তাপৰ্য্যপূৰ্ণ যে, দুৰ্নীতি নিবাৰক শাখাৰ অভিযানৰ সময়ত কাৰ্যালয়টোৰ বিডিঅ’ কমলী শৰ্মা উপস্থিত নাছিল৷