নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ ছেপ্টেম্বৰ : মাছ বিক্ৰী কৰিয়েই এদিনৰ ভিতৰতে মাছমৰীয়া হৈ পৰিল লাখপতি । এটা মাছৰ দাম কিমান হ’ব? খুব বেছি হ’ব হাজাৰৰ ঘৰত । কিন্তু হাজাৰক চেৰ পেলাই লাখৰ ঘৰ চুইছেগৈ মাত্ৰ এটা মাছে ।

এই ঘটনাটো উৰিষ্যাৰ চান্দৱলী অঞ্চলৰ ধামৰা সমুদ্ৰতীৰত। আনবোৰ দিনৰ দৰেই কেইজনমান মাছমৰীয়া গৈছিল মাছ মাৰিবলৈ। মাছ মাৰি থাকোতেই জালত উঠিল এটা বিশেষ প্ৰজাতিৰ প্ৰকাণ্ড মাছ।

মাছমৰীয়া কেইজনৰ জালত উঠা এই মাছটোৰ ওজন ১০৭ কেজি। প্ৰতি কেজিত ৭০০০ টকাকৈ এই মাছটো ক্ৰয় কৰে চেন্নাইৰ এটা দৰৱ কোম্পানীয়ে। এই মাছটো বিক্ৰী কৰি মাছমৰীয়া কেইজনে লাভ কৰে মুঠ ৭ লাখ ৪৯ লাখ টকা।

উল্লেখযোগ্য যে এই মাছটো বিভিন্ন ঔষধ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। বিশেষ প্ৰজাতিৰ এই মাছটোক ‘ড্ৰ’ন সাগৰ’ বুলি চিনাক্ত কৰা হৈছে। বহু দীৰ্ঘ সময়ৰ পিছত এই বিশেষ প্ৰজাতিৰ মাছটো দেখিবলৈ পোৱা গৈছে। ইয়াৰ পূৰ্বেও এনে প্ৰজাতিৰ মাছ প্ৰায় ৫ লাখ টকাৰ মূল্যত বিক্ৰী কৰা হৈছিল।