নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ ছেপ্টেম্বৰ : বৃহস্পতিবাৰে গোলাঘাটৰ মৰঙীত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ পাছত পলায়ন কৰা ডাম্পাৰৰ চালকক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ। গ্ৰেপ্তাৰ কৰি জেৰা চলাই থকা হৈছে চালকজনক ।

আৰক্ষীৰ জেৰাত চালকৰ স্বীকাৰোক্তি পানীৰ বটলৰ বাবেই সংঘটিত হৈছিল দুৰ্ঘটনা। গাড়ী চলাই থকা অৱস্থাত পানীৰ বটল এটা ব্ৰেকৰ তলত সোমাই যায় যাৰ বাবে গাড়ীখন ৰখাব পৰা নাছিল চালকজনে আৰু টাটা ছুম’খনত খুন্দা মাৰে।

ইতিমধ্যে আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় পানীৰ বটলটো।

ধৃত চালকজন দৈগ্ৰোঙৰ সমীৰ গড় । আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে চালকজনক । সম্প্ৰতি চালক সমীৰ গড়ক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে এক বিশেষ অভিযানৰ হেতু বৃহস্পতিবাৰে আৱকাৰী ইনটেলিজেণ্জছ ব্যুৰ’ৰ এটা ছজনীয়া দল টাটা চুম’ত বোকাখাতৰ পৰা যোৰহাট অভিমুখে গৈ আছিল। বাটতে মৰঙীৰ সাৰৰগাঁৱৰ শিশু ভৱন বিদ্যালয়ৰ কাষত ডাম্পাৰখনৰ সৈতে টাটা চুম’খনৰ মাজত মুখামুখি সংঘর্ষ হয় আৰু থিতাতে জ্বলি উঠিছিল দুয়োখন বাহন ।

ইফালে অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু হয় তিনি আৱকাৰী বিষয়া। আহতসকলক ততালিকে প্ৰেৰণ কৰা হয় কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ ।