শিৱসাগৰ : জামিন লাভ কৰিলে শৃংখল চলিহাই। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শৃংখল চলিহাৰ জামিন মঞ্জুৰ কৰে। জামিন লাভ কৰিলে যদিও নিশা ন্যায়িক জিম্মাত থাকিব শৃংখল চলিহা। মঙলাবাৰে পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল শৃংখল চলিহাক (Srinkhal Chaliha Arrested)। এজন ব্যৱসায়ীৰ মুখত থুৱাই দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বীৰ লাচিত সেনাৰ নেতাজন।

মঙলবাৰে পুৱা বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছিল। শিৱসাগৰ আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল শৃংখল চলিহাক। গ্ৰেপ্তাৰৰ পিছতে আদালতে শৃংখল চলিহাক হাজিৰ কৰিছিল আদালতত। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শৃংখল চলিহাৰ জামিন মঞ্জুৰ কৰিছিল। ১৫ হাজাৰ টকাৰ বেল ব’ণ্ডত আদালতে শৃংখল চলিহাক জামিন প্ৰদান কৰিছিল।

আদালতৰ পৰা জামিন লাভ কৰিলেও বীৰ লাচিত সেনাৰ নেতাজন মুকলি আকাশৰ তললৈ আহিব নোৱাৰিলে। নিশাটো ন্যায়িক জিম্মাতে থাকিব লাগিব শৃংখল চলিহা। বে’ল ব’ণ্ড জমা কৰিব নোৱাৰাৰ বাবে শৃংখল চলিহা নিশা ন্যায়িক জিম্মাত থাকিব লাগিব। আদালতৰ সময় পাৰ হোৱাৰ বাবে ১৫ হাজাৰ টকাৰ বে’ল ব’ণ্ড জমা দিয়া নহ’ল। বুধবাৰে আদলতত বে’ল ব’ণ্ড জমা দিয়াৰ পিছতে মুকলি আকাশৰ ততলৈ আহিব শৃংখল।চলিহা।

বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ বিৰুদ্ধে শিৱসাগৰৰ এজন ব্যৱসায়ীয়ে মুখত থুৱাই দিয়াৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল আৰু এই গোচৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৃংখল চলিহাক। যোৱা ২৮ এপ্ৰিলত এই ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। সোমবাৰে (১ মে’) শৃংখল চলিহাৰ বিৰুদ্ধে শিৱসাগৰ থানাত গোচৰ ৰুজু কৰা হৈছিল। অভিযোগ মতে, যোৱা ২৮ এপ্ৰিলত শৃংখল চলিহাই সংস্কৃতিক অনুষ্ঠানৰ নামত চান্দা বিচাৰি মাণিক চান্দ কেডিয়া নামৰ এজন ব্যৱসায়ীৰ প্ৰতিষ্ঠানত উপস্থিত হৈছিল।

চান্দাকলৈ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা আৰু ব্যৱসায়ী মাণিক চান্দ কেডিয়াৰ মাজত কথা কটাকাটি হয় আৰু ব্যৱসায়ীজনে শৃংখল চলিহাই তেওঁৰ মুখত থুৱাই দিয়াৰ অভিযোগ উত্থাপন কৰে। শৃংখল চলিহাই ব্যৱসায়ীজনৰ মুখত থুৱাই দিয়াৰ দৃশ্য কেমেৰাত বন্দী হৈছিল। এই সমগ্ৰ দৃশ্য থানাত জমা দিয়া হৈছিল। আৰক্ষীয়ে শৃংখল চলিহাক ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।