ওদালগুৰি, ৩ মে’ : বড়ো ভূমিত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ। আৰক্ষীয়ে অভিযান চলাই অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ (Assam-Arunachal Boarder) পৰা উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ। হাবিৰ মাজত লুকুৱাই ৰখা হৈছে অস্ত্ৰ শস্ত্ৰখিনি। পূৰ্বেও বড়ো ভূমিৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই লুকুৱাই ৰখা বহু অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছিল।

এটা সময়ত অস্ত্ৰ শস্ত্ৰৰ ঝনঝনিয়ে বড়ো ভূমিত সৃষ্টি কৰা অশান্তিৰ পৰিৱেশ বৰ্তমান নাই যদিও এতিয়াও বড়ো ভূমিৰ বুকুত লুকুৱাই আছে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ (Arms and Ammunition)। সময়ে সময়ে আৰক্ষী আৰু সেনা বাহিনীৰ অভিযানত বড়ো ভূমিৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে লুকুৱাই ৰখা বহু অস্ত্ৰ শস্ত্ৰ। বিশেষকৈ বড়ো ভূমিৰ ভাৰত-ভূটান আৰু অসম- অৰুণাচল প্ৰদেশ সীমান্তৰ বনাঞ্চল সমূহত মাটিৰ পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে এই অস্ত্ৰ শস্ত্ৰ সমূহ।

পুনৰবাৰ বি টি আৰৰ ওদালগুৰি জিলাত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে লুকুৱাই ৰখা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ। ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ চিকাৰীদাঙাৰ অৰণ্যৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে লুকুৱাই ৰখা এই অস্ত্ৰ শস্ত্ৰখিনি। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এক টুইটযোগে ওদালগুৰি জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হোৱা বুলি জানিবলৈ দিয়ে।

এক গোপন খবৰৰ ভিত্তিত সোমবাৰে নিশাৰ ভাগত উপ-আৰক্ষী অধীক্ষক জ্যোতি প্ৰসাদ পেগু, পৰিদৰ্শক ৰাজীৱ গোঁহাই আৰু লালপানী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক ৰাজীৱ গোঁহাইৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চিকাৰীদাঙাৰ অৰণ্যত অভিযান চলাই লুকুৱাই ৰখা এই অস্ত্ৰ শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে চিকাৰীদাঙাৰ অৰণ্যৰ পৰা ৬ টা এ কে-৪৭ ৰাইফল, এটা ৯ এম এম পিষ্টল, ৮ টা মেগজিন আৰু ৭৪ সক্ৰিয় গুলী উদ্ধাৰ কৰে।

আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰখিনি কোনে লুকুৱাই ৰাখিছিল এই সম্পৰ্কে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰখিনি জব্দ কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে ২০২০ চনতো ওদালগুৰি আৰক্ষীয়ে এক অভিযান চলাই দুটা একে-৫৬ ৰাইফল, দুটা একে-৪৭ ৰাইফল, ৪ টা মেগজিন, ১৭ জাই এছ এল আৰৰ সজীৱ গুলী, ২০৩ জাই একে চিৰিজ ৰাইফলৰ সজীৱ গুলী উদ্ধাৰ কৰিছিল। মাজখুটিৰ খেমেন গাঁৱৰ পৰা ওদালগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি।