গুৱাহাটী, সংবাদ ৩৬৫, ১৬ অক্টোবৰ : জি এম চি এইছত মৃত্যু তেজপুৰ ডিটেনশ্যন কেম্পত থকা দুলাল চন্দ্ৰ পালৰ। ৫ দিন উকলি যোৱাৰ পাছতো মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ পৰিয়ালৰ লোকৰ। চিকিৎসালয়ৰ মৰ্গতে ৫ দিন ধৰি আছে মৃতদেহটো।

উল্লেখযোগ্য যে ২০১৭ চনৰ ১১ অক্টোবৰ তাৰিখে এফ টি ( এ ) গোচৰ নং ২২৩/২০১৭ ৰ অধীনত ঢেকীয়াজুলি আলিচিঙাৰ দুলাল চন্দ্ৰ পালক বিদেশী নাগৰিক বুলি ঘোষণা কৰি তেজপুৰ ডিটেনশ্যন কেম্পত ভৰ্তি কৰোৱা হৈছিল।

৬৪ বছৰীয়া দুলাল চন্দ্ৰ পাল দুবছৰ ধৰি বন্দী হৈ আছিল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত । দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল দুলাল চন্দ্ৰ পাল। ২৮ ছেপ্টেম্বৰত জি এম চি এইছত তেখেতক ভৰ্তি কৰোৱাৰ পাছত চিকিৎসাধীন অৱস্থাতে ১১ অক্টোবৰত মৃত্যু হয়।

সম্প্ৰতি মৃতদেহটো চমজি লবলৈ অস্বীকাৰ কৰিছে মৃত দুলাল চন্দ্ৰ পালৰ পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকৰ মন্তব্য হয় তেখেতক ভাৰতীয় বুলি ঘোষণা কৰক নহয় তেখেতৰ মৃতদেহ বাংলাদেশলৈ পঠিয়াই দিয়ক।